হিন্দুস্থান নিৰ্মাণ দলৰ প্ৰাৰ্থী তালিকা প্ৰকাশ

 03/24/2019 - 18:44

গুৱাহাটীঃ ৰাষ্ট্ৰীয় হিন্দুত্ববাদী নেতা প্ৰবীণ ভাই টোগাড়িয়াৰ নেতৃত্বত গঠন হোৱা ৰাজনৈতিক দল হিন্দুস্থান নিৰ্মাণ দলে দেওবাৰে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে। দেওবাৰে গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি চাৰিটা লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে।

তালিকা অনুসৰি কৰিমগঞ্জত নিখিল ৰঞ্জন দাস, ধুবুৰীত অলকেশ ৰায়, মঙ্গলদৈত মণিৰাম বসুমতাৰী, কলিয়াবৰত দিগন্ত কুমাৰ শইকীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰে। বৰ্তমানলৈকে দলটোৱে ৭টা লোকসভা সমষ্টিত প্ৰাৰ্থী প্ৰদান কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।