এছিড আক্ৰমণৰ বলি দীপিকা পাডুকন

 03/25/2019 - 15:48

মুম্বাইঃ বলিউদৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকন বলি হৈছে এছিড আক্ৰমণৰ। সুন্দৰী দীপিকাৰ মুখমণ্ডল জ্বলি-পুৰি চিনিব নোৱাৰা হৈ পৰিছে। ৰ’ব ভয় নাখাব। এনে ভয়ানক কাণ্ড ৰিয়েল লাইফত নহয় ৰিল লাইফত হে সংঘটিত হৈছে।

বলিউদৰ আগশাৰীৰ অভিনেত্ৰী দীপিকা পাডুকনে ৰণবীৰ সিঙৰ লগত বিবাহপাশত আৱদ্ধ হোৱা পাছৰ প্ৰথমখন ছবিৰ কাম হাতত লৈছে। মেঘনা গুলজাৰ পৰিচালিত হিন্দী ছবি ‘ছপাক’ত মুখ্য চৰিত্ৰত অভিনয় কৰিব দীপিকা পাডুকনে। দীপিকা অভিনীত চৰিত্ৰটোৰ নাম মালতী।

ছবিখনৰ প্ৰথমখন পোষ্টাৰ ইতিমধ্যে মুকলি কৰা হৈছে। ‘ছপাক’ ছবিখন এচিড আক্ৰমণৰ বলি হোৱা লক্ষ্মী আগৰৱালাৰ জীৱনৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হ’ব। উল্লেখ্য যে, দীপিকা পাডুকনে প্ৰথমবাৰৰ বাবে পৰিচালক মেঘনা গুলজাৰৰ সৈতে কাম কৰিব। ‘

ইফালে, দীপিকা পাডুকনে টুইটাৰত ‘ছপাক’ ছবিখনৰ প্ৰথমখন পোষ্টাৰ আপলোড কৰাৰ পাছতেই চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে ছবিখনে। য’ত দীপিকাই লিখিছে- ‘এই চৰিত্ৰটো সদায় মোৰ জীৱনৰ সৈতে থাকি যাব। আজি ছবিখনৰ শ্বুটিং আৰম্ভ হৈছে। ছবিখন ১০ জানুৱাৰী, ২০২০ত মুক্তি পাব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।