চাইবাৰ ক্ৰাইমৰ বিৰুদ্ধে সজাগতা শিবিৰ

 03/25/2019 - 20:05

গুৱাহাটীঃ ৰাজ্যত দিনে দিনে বৃদ্ধি পাইছে চাইবাৰ ক্ৰাইম। দৈনিক সংঘটিত হৈ অহা চাইবাৰ অপৰাধে ছ’চিয়েল মিডিয়া, বেংকজনিত লেনদেন, অনলাইন শ্বপিং সকলোকে গ্ৰাস কৰিছে। সৰ্বস্বান্ত হৈছে সৰ্বসাধাৰণ। মোডী চৰকাৰে ভাৰতক 'ডিজিটেল ইণ্ডিয়া’ হিচাপে ঘোষণা কৰিছিল যদিও দিনক-দিনে বৃদ্ধি পাইছে চাইবাৰজনিত অপৰাধ।

চৰকাৰ তথা আৰক্ষী প্ৰশাসনে এতিয়ালৈকে এইক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই। এনে সময়তে ৰাজ্যত কিছুসংখ্যক লোকে নীৰৱে অব্যাহত ৰাখিছে চাইবাৰ অপৰাধৰ বিৰুদ্ধে অভিযান। ইয়াৰ অংশ হিচাপে সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ উদ্যোগত চাইবাৰ ক্ৰাইম সজাগতা বৃদ্ধিৰ বাবে এক শিবিৰ অনুষ্ঠিত হয়।

চাইবাৰজনিত অপৰাধ কেনেদৰে ৰোধ কৰিব পাৰি বা কেনেদৰে সজাগ হ’ব পাৰি এই বিষয়ে শিবিৰত আলোচনা কৰা হয়। এই সজাগতা শিবিৰত অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া, বাণিজ্য বিভাগৰ অধ্যাপক, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ প্ৰকল্প বিষয়া, সভাপতিৰ লগতে সম্পাদক উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।