সপ্তম আন্ত:ৰাষ্ট্ৰীয় প্ৰেছিডেন্ট কাপৰ খিতাপ দখল শিৱ থাপাৰ

 07/20/2019 - 19:49

ডিজিটেল ডেস্কঃ অলিম্পিকৰ পূৰ্বে অসমৰ তাৰকা বক্সাৰ শিৱ থাপাৰ দুৰ্দান্ত প্ৰদৰ্শন।

কাজাখাস্তানত চলি থকা সপ্তম আন্ত:ৰাষ্ট্ৰীয় প্ৰেছিডেন্ট কাপৰ ফাইনেলত দুৰ্দান্ত প্ৰদৰ্শনেৰে ৬৩ কিল'গ্ৰামত শাখাত চেম্পিয়ন খিতাপ অৰ্জন কৰে শিৱ থাপাই। শুকুৰবাৰে ছেমি ফাইনেলত শিৱ থাপাই পৰাস্ত কৰে কাৰ্গিস্তানৰ আৰগন কিডিৰবিকুল্লুক।

শিৱ থাপাৰ সাফল্যত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ দেশবাসী। শিৱ থাপাক অভিনন্দন জনাইছে অসম বক্সিং সন্থাই।উল্লেখযোগ্য যে, আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহত বিগত সময়ছোৱাত সন্তোষজনক প্ৰদৰ্শন অব্যাহত ৰাখিছে বক্সাৰ শিৱ থাপাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।