ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতীয় দল ঘোষণাঃ কোনে পালে স্থান, কোন বাদ পৰিল

 07/21/2019 - 17:53

 ডিজিটেল ডেস্কঃ তিনি আগষ্টৰ পৰা ভাৰতে ৱেষ্ট ইণ্ডিজৰ মাটিত ভাগ ল’ব তিনিখন টি 20, ৩খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচ আৰু দুখন টেষ্ট মেচত। তিনি আগষ্টৰ পৰা ভাৰতে ৱেষ্ট ইণ্ডিজৰ মাটিত ভাগ ল’ব তিনিখন টি 20, ৩খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচ আৰু দুখন টেষ্ট মেচত। বিশ্বকাপৰ ছেমি ফাইনেলত নিউজীলেণ্ডৰ বিৰুদ্ধে পৰাস্ত হোৱা ভাৰতীয় ক্ৰিকেট দলে অহা ৩ আগষ্টৰ পৰা নতুন উদ্যমেৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আৰম্ভ কৰিব নিজৰ অভিযান। ইতিমধ্যে বিচিচিআইয়ে ঘোষণা কৰা দলৰ পৰা বাদ পৰিছে দলৰ বহু কেইগৰাকী নিৰ্ভৰযোগ্য খেলুৱৈৰ নাম,তাৰ পৰিৱৰ্তে দলত স্থান দিয়া হৈছে বহু কেইগৰাকী নৱাগত খেলুৱৈক। দলৰ পৰা সাময়িক বিশ্ৰাম দিয়া হৈছে মহেন্দ্ৰ সিং ধোনীকো।

৩খনীয়া টি 20ৰ বাবে ভাৰতীয় দল ঘোষণা-

বিৰাট কোহলি(অধিনায়ক), ৰোহিত শৰ্মা, শিখৰ ধৱন, কে এল ৰাহুল, শ্ৰেয়াছ আয়াৰ, মনীষ পাণ্ডে, ঋষভ পণ্ট, ক্ৰুনাল পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, ৱাশ্বিংটন সুন্দৰ, ৰাহুল চহৰ, ভুৱনেশ্বৰ কুমাৰ, খলিল আহমেদ, দীপক চহৰ, নৱদীপ চাইনী।

৩খনীয়া এদিনীয়াৰ বাবে ভাৰতীয় দল ঘোষণা

বিৰাট কোহলি(অধিনায়ক), ৰোহিত শৰ্মা, শিখৰ ধৱন, কে এল ৰাহুল, শ্ৰেয়াছ আয়াৰ, মনীষ পাণ্ডে, ঋষভ পণ্ট, ৰবীন্দ্ৰ জাদেজা, কুলদীপ যাদৱ, যুজবেন্দ্ৰ চাহাল, কেদাৰ যাদৱ, মহম্মদ ছামি, ভূৱেনশ্বৰ কুমাৰ, খলিল আহমেদ, নৱদীপ ছাইনী।

দুখনীয়া টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা

বিৰাট কোহলি(অধিনায়ক),আজিংক্য ৰাহানে, মায়ংক আগৰৱাল, কে এল ৰাহুল, শ্বেতেশ্বৰ পূজাৰা, হনুমা বিহাৰী, ৰোহিত শৰ্মা, ঋষভ পণ্ট, ৰিদ্ধিমান সাহা, ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাদেজা, কুলদীপ যাদৱ, ঈশান্ত শৰ্মা, মহম্মছ ছামি, যশপ্ৰীত বুমৰাহ আৰু উমেশ যাদৱ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।