আন্ধাৰৰ কৰাল গ্ৰাসত মহানগৰ

 03/26/2019 - 18:59

গুৱাহাটী: মহানগৰত সূৰ্যৰ প্ৰখৰ ৰ'দক গ্ৰাস কৰিলে কলীয়া ডাৱৰে। আজি দিনৰ প্ৰায় ১.৩০মান বজাত হঠাতে প্ৰচণ্ড ধুমুহাই দিনতেই মাজনিশা সদৃশ পৰিবেশৰ সৃষ্টি কৰিলে। বিভিন্ন ধৰণৰ ক্ষয়-ক্ষতিৰ সন্মুখীন হ'ব লগা হ'ল ৰাইজ ।

চৌদিশে কেৱল ধূলিময় পৰিবেশ। স্তব্ধ হৈ পৰিল জনজীৱন। লগতে কিছুসময়ৰ বাবে বন্ধ কৰি দিব লগা হ'ল ব্যৱসায়-প্ৰতিষ্ঠানসমূহ। হঠাৎ অহা এই পৰিবেশৰ ফলত স্কুলতে আবদ্ধ হ'ব লগা স্কুলীয়া ছাত্র-ছাত্রীও।

আকস্মিকভাৱে হোৱা এই পৰিস্থিতিটো প্ৰকৃতিৰ ৰুষ্ট ৰুপ নহয়টো প্ৰশ্ন বহুজনৰ ?

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।