‘পথিক’ৰ উদ্যোগত ধঁপাত আৰু কৰ্কট ৰোগৰ সজাগতা শিবিৰ

 03/26/2019 - 19:16

গুৱাহাটীঃ বৰ্তমান সময়ত অত্যাধিক হাৰত বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা৷ কেইবা বছৰৰপৰা এই ৰোগ অধিক বৃদ্ধি পাবলৈ ধৰিছে৷ ধূম-পান, ধঁপাত খোৱা সকলৰ ক্ষেত্ৰত এই ৰোগ অধিক হোৱা দেখা যায়৷ বিগত ১০বছৰৰ সমীক্ষা অনুসৰি, অসমত ৪০বছৰ বয়সৰ কৰ্কট ৰোগীৰ মুঠ সংখ্যা ৪১%৷

এতিয়ালৈকে এই ৰোগৰ কোনো ঔষধ পোৱা হোৱা নাই৷ এই সন্ধৰ্ভত ‘ধঁপাত বিৰোধীতা তথা কৰ্কট’ৰ বাবে ‘পথিক’ৰ উদ্যোগত কৰ্কট ৰোগৰ সজাগতাৰ্থে বিগত বৰ্ষৰ দৰে এই বৰ্ষটো এখনি সজাগতা শিবিৰ অনুষ্ঠিত কৰা হৈছে৷ নেহেৰু ষ্টেডিয়ামৰ প্ৰাংগনৰ পৰা এছ বি দেওৰা মহাবিদ্যালয়ৰ প্ৰংগনলৈ ভোগেশ্বৰী ফুকননী ইনড’ৰ ষ্টেডিয়ামলৈকে ‘৩য় ধঁপাত বিৰেধী ৱাকাথান’ শীৰ্ষত সজাগতাৰ সমূহীয়া খোজ তথা চাৰিদিনীয়া স্বভাৱগত ৰোগ, কৰ্কট, আয়ুৰ্ৱেদ, যোগ তথা ৰক্তৰ কৰ্মশালা আদি কাৰ্যসূচী ৰূপায়ণৰ প্ৰস্ত্ততি কৰিছে৷ ‘

ধঁপাত বিৰোধীতা তথা কৰ্কট’ সজাগতাৰ্থে আয়োজন কৰা এই ‘৩য় ধঁপাত বিৰেধী ৱাকাথান’ৰ লগত সংগতি ৰাখি প্ৰথমবাৰৰ বাবে আয়োজন কৰিছে ‘চুটি-ছবি প্ৰতিযোগিতা’ আৰু এই অনুষ্ঠানৰ উদ্দেশ্য হৈছে নৱ প্ৰজন্মক সজাগ কৰা৷ এই প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয়, তৃতীয় পুৰস্কাৰ প্ৰদান কৰা হ'ব বুলি আয়োজকে ঘোষণা কৰিছে৷

লগতে এক লক্ষ্যধিক মূল্যৰ নগদ ধন, স্মাৰক আৰু মানপত্ৰ প্ৰদান কৰা হ’ব৷ এই ‘চুটি-ছবি প্ৰতিযোগিতা’ৰ দৈৰ্ঘ্য ৬-১০ মিনিটৰ হ’ব লাগিব৷ ভাল ৰিজ’লিউছণযুক্ত ম’বাইল কেমেৰা অথবা ভিডিঅ’ কেমেৰাৰে তোলা ছবিহে গ্ৰহণ কৰা হ'ব৷ ‘চুটি-ছবি ‘চুটি-ছবি প্ৰতিযোগিতা’ বাবে ছবিসমূহ জমা দিয়া শেষ তাৰিখ ২০এপ্ৰিল ২০১৯৷

এই অনুষ্ঠান ৫-৮মে’ তাৰিখলৈকে অনুষ্ঠিত হ’ব বুলিও উদ্যোক্তাসকলে জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।