২০মে'ৰ পূৰ্বে ঘোষণা হ'ব হাইস্কুল, হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল

 03/27/2019 - 12:52

গুৱাহাটী: ২০ মে'ৰ পূৰ্বে ঘোষণা কৰা হ'ব হাইস্কুল আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল। মঙলবাৰে সংবাদ মাধ্যমৰ আগত এই কথা ব্যক্ত কৰে ছেবাৰ পৰীক্ষা নিয়ন্ত্রক নয়নজ্যোতি শৰ্মাই। বহুতো নতুত্বৰে অনুষ্ঠিত হোৱা এইবাৰৰ ২০১৮-১৯ বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা হ'ব ৰাতি ১২ বজাত।

প্ৰথমবাৰৰ বাবে মাজনিশা ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল। নিশাই ছেবাৰ ৱেবছাইটযোগে উপলব্ধ হ'ব ফলাফলসমূহ। ৱেবছাইটতে নম্বৰসহ ফলাফল লাভ কৰিব পৰীক্ষাৰ্থীয়ে। বিগত বৰ্ষতকৈ ১০-১৫ দিন পূৰ্বে ঘোষণা কৰা হ'ব এইবাৰ পৰীক্ষাৰ ফলাফল।

বিয়লি ভাগলৈ পৰীক্ষাৰ্থীয়ে নিজ বিদ্যালয়তে পাব মাৰ্কশ্বিট। তিনিটা পৰীক্ষা মণ্ডলৰ বহী নিৰীক্ষণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। তাৰ উপৰি, মাৰ্কশ্বিটৰ ক্ষেত্রতো বিশেষ ছিকিউৰিটি ভিছাৰ্ছ ব্যৱহাৰ কৰিব বুলি জানিবলৈ দিয়ে শৰ্মাই। য'ত ডিজিটেল থ্ৰী ডি হ'লগ্ৰাম ব্যৱহাৰ কৰা হ'ব।

অৱশ্যে, সম্পূৰ্ণভাৱে এতিয়াও ফলাফলৰ তাৰিখ স্পষ্ট কৰা হোৱা নাই। ব'ৰ্ডৰ সভাতহে ফলাফল ঘোষণাৰ তাৰিখ প্ৰকাশ কৰা হ'ব বুলিও শৰ্মাই জানিবলৈ দিয়ে। উল্লেখ্য যে,এইবাৰৰ শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ৩,৫২,১৪৩ গৰাকী পৰীক্ষাৰ্থী।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।