কাক ভোট দিব সুনীলে

 03/27/2019 - 14:31

ডিজিটেল ডেস্ক: এতিয়া সৰ্বত্রে বলিছে লোকসভা নিৰ্বাচনৰ গৰম বতাহ। প্ৰত্যেকটো ৰাজনৈতিক দল ব্যস্ত হৈ পৰিছে ভোটাৰক আকৰ্ষিত কৰিবলৈ। তাৰ মাজতে কমেডিয়ান সুনীল গ্ৰ'ভাৰে স্পষ্টকৈ প্ৰকাশ কৰিছে যে, যিটো দলে তেওঁৰ এটা বিশেষ মনোকামনা পূৰণ কৰিব পাৰিব সেই দলটোকহে তেওঁ এইবাৰ ভোট প্ৰদান কৰিব।

পিছে তেওঁৰ মনোকামনাটোনো কি? কোনো সমষ্টিৰ হৈ প্ৰাৰ্থিত্ব বিচাৰে নিকি তেওঁ? নে বিচাৰে টকা-পইচা কিম্বা কোনো মূল্যবান সামগ্ৰী। ৰ'ব ৰ'ব ভয় নাখাব। তেনে কোনো অভিপ্ৰায় নাই কমেডিয়ানজনৰ। পিছে আচৰিত বস্ত্ত এটাকে বিচাৰিলে তেওঁ।

গ্ৰ'ভাৰে টুইটাৰযোগে প্ৰকাশ কৰা মতে, হলী শেষ হোৱাৰ দুখ প্ৰকাশ কৰি তেওঁ কয় যে হলী বছৰত তিনিবাৰ হ'ব লাগে। যিয়ে তেওঁৰ এই মনোকামনা পূৰণ কৰিব পাৰে সেইটো দলকেই এইবাৰ ভোট দিব সুনীলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।