সাংবাদিকৰ সুৰক্ষা সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনাচক্ৰ

 03/27/2019 - 17:37

গুৱাহাটী: আগন্তুক দেশৰ সাধাৰণ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সাংবাদিকৰ সুৰক্ষাৰ সন্দৰ্ভত বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সাংবাদিক সুৰক্ষা সংস্থা চমুকৈ চি পি জেৰ প্ৰতিনিধিয়ে সংবাদিকৰ সৈতে এক বৈঠকত মিলিত হয়। এই বৈঠকত আগন্তুক নিৰ্বাচনত বাতৰি সংগ্ৰহ কৰিবলৈ যাবলগা সাংবাদিকসকলৰ নিৰাপত্তাৰ সন্দৰ্ভত আলোচনা কৰা হয়।

চি পি জেৰ এটা ৰিচাৰ্জ টীমে বিভিন্ন আন্তৰাষ্ট্ৰীয় কাৰকৰ ওপৰত ভিত্তি কৰি সাংবাদিক সুৰক্ষা সম্পকীয় কিছু নীতি সৃষ্টি কৰিছে। ইয়াৰ জৰিয়তে এজন সম্পাদক, সংবাদদাতা অথবা ফটো সাংবাদিকে নিজকে নিৰ্বাচনৰ বাবে প্ৰস্তুত কৰাৰ লগতে শাৰিৰিক আৰু মানসিকভাৱে চাপমুক্ত হোৱাৰ উপায়ো সন্নিৱিষ্ট আছে।

প্ৰেছক্লাৱৰ এই আলোচনাত চি পি জেৰ সদস্য কুনাল মজুমদাৰেও বিভিন্ন দিশৰ ওপৰত বক্তব্য ৰাখে। চি পি জেৰ সুৰক্ষা সম্পকীয় নীতিবোৰ উপলদ্ধ ৱেবছাইটো হ'ল- https://cpj.org/2019/03/india-elections-journalists-safety-kit.php

মজুমদাৰে জানিবলৈ দিয়া মতে, যোৱা ২৯ ডিচেম্বৰত ইম্ফলত আৰু ৩১ ডিচেম্বৰত আগৰতলাতো চি পি জে উদ্যোগত এনে কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল। বুধবাৰৰ এই আলোচনাতো ৰাজ্যৰ সংবাদমাধ্যমৰ সৈতে জড়িত বহুসংখ্যক লোক উপস্থিত আছিল।

উল্লেখ্য যে, সাংবাদিক সুৰক্ষা সমিতি হৈছে এটা স্বতন্ত্ৰ সংগঠন। যি বিগত ৩০ বছৰ ধৰি সাংবাদিকৰ স্বাধীনতাৰ ক্ষেত্রত কাম কৰি আহিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।