'মৰ্দানী-২'ৰ শ্বুটিঙত ব্যস্ত ৰাণী

 03/27/2019 - 18:21

ডিজিটেল ডেস্ক: বলিউড অভিনেত্রী ৰাণী মুখাৰ্জীৰ 'মৰ্দানী-২' ছবিখনৰ ফাৰ্ষ্ট লুক মুকলি কৰা হৈছে। ছবিখনৰ শ্বুটিং ইতিমধ্যে আৰম্ভ কৰিছে অভিনেত্রীগৰাকীয়ে। ছবিখনত তেওঁক পুলিছ অফিছাৰৰ ৰুপত দেখা যাব। য়ছ ৰাজ ফিল্মছে টুইটাৰযোগে জানিবলৈ দিয়া মতে, ছবিখনত ৰাণীয়ে ২১ বছৰীয়া ভিলেইনৰ লগত যুদ্ধ কৰা দৃশ্যত অভিনয় কৰিব।

ছবিখন পৰিচালনা কৰিছে গৌপী পুথৰণে আৰু প্ৰযোজনা কৰিছে আদিত্য চোপ্ৰাই। 'মৰ্দানী-২' ছবিখন ২০১৯ৰ শেষৰ ফালে মুক্তি লাভ কৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, ৰাণী অভিনীত 'মৰ্দানী' ছবিখনে ২০১৪ চনত মুক্তি লাভ কৰিছিল। তাত তেওঁ চিবিআই ইন্সপেক্টৰৰ চৰিত্রত অভিনয় কৰিছিল।

শিশু সৰবৰাহৰ ওপৰত নিৰ্মিত এই ছবিখনে এখন অপৰাধ জগতৰ ছবি বৰ্ণনা কৰিছিল। ছবিখন দৰ্শকে আকোঁৱালি লৈছিল। 'মৰ্দানী-২' ছবিখনকো দৰ্শকে সমানে মৰম দিব বুলি আশা প্ৰকাশ কৰিছে অভিনেত্রীগৰাকীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।