পথ এৰি নিদিয়াক কেন্দ্ৰ কৰি মহানগৰীত চাঞ্চল্যকৰ ঘটনা

 07/27/2019 - 19:56

গুৱাহাটীঃ মহানগৰীত শুকুৰবাৰে মাজনিশা সংঘটিত হয় এক দলবদ্ধ আক্ৰমণৰ ঘটনা। ছয়মাইলৰ ৰাজপথত ৭ জনীয়া যুৱকৰ দলৰ চোকা অস্ত্ৰৰ আক্ৰমণত দুজন যুৱক আহত। জানিব পৰা মতে গাড়ীৰে পথ এৰি নিদিয়াক কেন্দ্ৰ কৰি শুকুৰবাৰে নিশা সংঘটিত হয় এই ঘটনা। আহত যুৱক দুজন কৃষ্ণ শৰ্মা আৰু মহিবুল ইছলাম। আনহাতে উক্ত সময়ত একাংশ প্ৰত্যক্ষদৰ্শীয়ে খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় দিছপুৰ আৰক্ষী।

ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আক্ৰমণকাৰী ৭ যুৱকৰ মাজৰ ৫ জনক আটক কৰে। আটাকাধীন যুৱক কেইজন ক্ৰমে ঋষিৰাজ চেতিয়া,দীপক সিং,অভিষেক নায়ক, বিচান মুখাৰ্জী, ৰাহুল ডিক’জ। ইয়াৰে বিচান মুখাৰ্জীৰ ঘৰ কলকাতাত বুলি জানিব পৰা গৈছে। ইপিনে, ঘটনা সংঘটিত কৰাৰ পাছতে ঘটনাস্থলীৰ পৰা আন দুজন যুৱকে পলায়ন কৰে। আক্ৰমণকাৰী যুৱককেইজন Oraval travels pvt ltdত কৰ্মৰত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।