তিনিদিনে সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ

 03/28/2019 - 14:42

গুৱাহাটীঃ সঘনে বৃদ্ধি পাইছে মহানগৰীত মৃত্যুৰ খবৰ। উল্লেখযোগ্য যে ফাকুৱাৰ শেষৰ দিনা ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ মৃত্যুক আঁকোৱালি লৈছিল মহানগৰীৰ কালিপুৰৰ দুজন যুৱকে। ২৫ মাৰ্চ সোমবাৰে পুনৰ সংঘটিত হৈছিল এক হৃদয়বিদাৰক ঘটনা। সোমবাৰে ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈছিল তিনি বন্ধু আৰু গা ধুই থকা অৱস্থাত নদীত ডুব যাই অসীম সৰকাৰ নামৰ ২২বছৰীয়া যুৱকজন।

অসীম সৰকাৰ পাণ্ডুৰ টেংগুলাৰ কলনীৰ বাসিন্দা। তিনিদিনলৈ যুৱকজনৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাছিল আৰক্ষী তথা এনডিআৰএফ বাহিনী। অৱশেষত বৃহস্পতিবাৰে ৰাতিপুৱা  ৬.৩০ বজাত  পাণ্ডুত  ব্ৰহ্মপুত্ৰৰ পানীত ওপঙি থকা অৱস্থাত স্থানীয় লোকে এটা মৃতদেহ প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়ে।

আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত মৃতদেহটো উদ্ধাৰ কৰে আৰু সেই মৃতদেহটো সন্ধানহীন অসীম সৰকাৰৰ বুলি চিনাক্ত কৰে পৰিয়ালৰ লোকে। আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইছ লৈ প্ৰেৰণ কৰিছে। এয়া হত্যা, আত্মহত্যা নে দুৰ্ঘটনা মৰণোত্তৰ পৰীক্ষাৰ পাছতহে পোহৰলৈ আহিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।