হৰেকৃষ্ণ শৰ্মাৰ গ্ৰন্থ উন্মোচন

 03/28/2019 - 17:45

গুৱাহাটীঃ বিভিন্ন জনে বিভিন্ন ধৰণৰ গ্ৰন্থ প্ৰকাশ কৰে৷ কিন্তু বিশিষ্ট কবি হৰেকৃষ্ণ শৰ্মাৰ গ্ৰন্থ বা কবিতাৰ কথাই সুকীয়া৷ তেওঁ নিজৰ অনুভৱেৰে, জীৱনৰ ক্ষন্তেকীয়া সময়বোৰ অনুধাৱন কৰি গ্ৰন্থ প্ৰকাশ কৰে। আজি গুৱাহাটী প্ৰেছ ক্লাৱত বিশিষ্ট কবি হৰেকৃষ্ণ শৰ্মাৰ দুখন ভিন্ন প্ৰকাৰৰ গ্ৰন্থ উন্মোচন কৰা হয়৷

গ্ৰন্থ দুখনৰ নাম হ'ল-'ভিন্ন সময় ভিন্ন অনুভৱ' আৰু 'কাব্য কাহিনী'। গ্ৰন্থ দুখনৰ প্ৰকাশক হ’ল গীতা দেৱী৷ আজি এই উন্মোচনী সভাত বলদেৱ শৰ্মা, যোগেশ শৰ্মা, হিৰণ্য কুমাৰ ভট্টাচাৰ্য্য, প্ৰফুল্লপ্ৰাণ মহন্ত, বিশিষ্ট কবি অনুভৱ তুলসীৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

আজিৰ এই উন্মোচনী সভাত বিভিন্ন ধৰণৰ সংগীত, কবিতা আদিৰ কাৰ্যসূচী অনুষ্ঠিত হয়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।