সদৌ অসম আন্তঃজিলা বক্সিংত নগাঁৱৰ তিনিজনৰ সাফল্য

 08/01/2019 - 16:25

বটদ্ৰৱাঃ যোৱা ২৫ জুলাইৰ পৰা ২৭ জুলাইলৈ নাহৰকটীয়া বক্সিং এছ’চিয়েছনৰ উদ্যোগত নামৰূপত অনুষ্ঠিত সদৌ অসম আন্তঃজিলা বক্সিং চেম্পিয়নশ্বিপত নগাঁও জিলাৰ পৰা তিনিগৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰি পদক অৰ্জননেৰে নগাঁৱলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

ক্ৰমে ছোৱালীৰ শাখাত ৪৬ কেজিত জোনমনি দাসে ব্ৰ'ঞ্জ পদক, জ্যোতিষ বৰদলৈয়ে ৬০ কেজিত ব্ৰ'ঞ্জ পদক আৰু ছাকিব আলম হাজৰিকাই হেভি ওৱেইট শাখাত ৰূপৰ পদক অৰ্জন কৰে। দলটোৰ নেতৃত্ব দিয়ে অসম ৰাজ্যিক বক্সিংৰ ৰেফাৰী আৰু বিচাৰকৰ উপৰি ৱাক' ইণ্ডিয়াৰ আন্তঃৰাষ্ট্ৰীয় কিক বক্সিংৰ ৰেফাৰী আৰু বিচাৰক হিচাপে কৰ্মৰত জ্যোতিময় বড়োৱে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।