ইউৰোপ মাষ্টার্ছ গেমছত দীপ্তি চুতীয়াৰ তৃতীয়টো স্বর্ণ পদক অৰ্জনঃ ২০০ মিটাৰ দৌৰতো স্বর্ণ পদক

 08/02/2019 - 13:45

গোলাঘাটঃ ভাৰত কী লাডলী বেটী ধিং এক্সপ্ৰেছ খ্যাত হিমা দাসৰ পিছত গোলাঘাট জিলাৰ মেৰাপানীৰ দীপ্তি চুতীয়াই আন্তঃৰাষ্ট্ৰীয় ক্রীড়াংগনত তৃতীয়টো স্বর্ণ পদক অৰ্জনেৰে দেশৰ লগতে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। অসম আৰক্ষীত কর্মৰত স্পৃণ্টাৰ দীপ্তি চুতীয়াই ইউৰোপ মাষ্টার্ছ গেমছত কালি ১০০ মিটাৰ আৰু ৪০০ মিটাৰ দৌৰত দুটাকৈ স্বৰ্ণ পদক অৰ্জন কৰাৰ পাছত আজি ২০০ মিটাৰ দৌৰতো স্বর্ণ পদক অৰ্জন কৰি স্বর্ণ পদকৰ বিৰল হেট্রিক অৰ্জন কৰিবলৈ সক্ষম হৈছে।

উত্তৰাখণ্ডৰ ডেহৰাডুনত অনুষ্ঠিত দ্বিতীয় ৰাষ্ট্ৰীয় মাষ্টার্ছ গেমছত দীপ্তি চুতীয়াই ১০০ মিটাৰ, ২০০ মিটাৰ আৰু ৪০০ মিটাৰ দৌৰত তিনিটাকৈ স্বৰ্ণপদক অৰ্জন কৰাৰ সুবাদতে ইটালীৰ টুৰিণ চহৰত চলি থকা ইউৰোপ মাষ্টার্ছ গেমছৰ বাবে ভাৰতীয় দলৰ হৈ প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিবলৈ সক্ষম হৈছিল। দীপ্তি চুতীয়াৰ এই অভাৱনীয় সাফল্যত ৰাজ্যখনৰ লগতে সমগ্ৰ দেশবাসী উৎফুল্লিত হৈ পৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।