এনআৰচি হেয়াৰিঙত আহি গৰ্ভৱতী মাতৃয়ে কৰিলে প্ৰসৱ

 03/29/2019 - 15:39

হাটশিঙিমাৰী: ধুবুৰী জিলাৰ অন্তৰ্গত দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত এনআৰচি হেয়াৰিং কৰিবলৈ আহি চাপৰৰ ফলিমাৰী গাঁওৰ মফিদা খাতুন নামৰ গৰ্ভৱতী মাতৃ এগৰাকীয়ে হঠাৎ প্ৰসৱ বেদনাত ছটফটাবলৈ ধৰে।

মহিলা গৰাকীৰ এনে অৱস্থা দেখি স্থানীয় সচেতন ব্যক্তি ৰবিউল ইছলামৰ তৎপৰতাত স্থানীয় মহিলাসকলে গৰ্ভৱতী মহিলাগৰাকীক নিৰাপদ স্থানলৈ নি সহায় কৰাত মহিলা গৰাকীয়ে এটি পুত্ৰ সন্তান জন্ম দিয়ে। অসহায় মহিলগৰাকীৰ এই খবৰ পোৱাৰ লগে লগে উক্ত স্থানত উপস্থিত হয় সদৌ দক্ষিণ শালমাৰা মানকাচৰ মহকুমা আছুৰ সাধাৰণ সম্পাদক শৰিফুল ইছলাম প্ৰধানী ।

তেওঁ তাত উপস্থিত হৈ মাতৃ আৰু সন্তানৰ স্বাস্থ্যৰ বুজ লৈ কয় যে, মাতৃ সন্তান আৰু পৰিয়ালৰ আন আন সদস্য সকল ইয়াত থকালৈকে যি কোনো ধৰণৰ সহায় কৰিবলৈ তেওঁ প্ৰস্ত্তত।

লগতে এনআৰচি কৰ্তৃপক্ষৰ গৰ্ভৱতী মাতৃ ,বৃদ্ধ আৰু শিশু সকলৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান থকা দৰকাৰ বুলি উল্লেখ কৰি এই ব্যক্তিসকলৰ দুখ বেদনাৰ প্ৰতি লক্ষ্য ৰাখি এনআৰচি কৰ্তৃপক্ষই এওঁলোকক হেয়াৰিঙৰপৰা ৰেহাই দিবলৈ আহ্বান জনায় সাধাৰণ সম্পাদক শৰিফুল ইছলাম প্ৰধানীয়ে ।

বৰ্তমান মাতৃ আৰু সন্তান দুয়ো সুস্থ অৱস্থাত আছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।