ধামখুন্দাত মহিলাক দলবদ্ধ ধর্ষণ কৰি অগ্নিসংযােগেৰে নৃশংস হত্যা

 03/29/2019 - 18:50

গুৱাহাটীঃ প্ৰাগজ্যোতিষপুৰ থানা এলেকাৰ পশ্চিম মায়ং অঞ্চলৰ ধামখুন্দাস্থিত বি ডি আই ইটাভাতাৰ এজন শ্ৰমিকৰ পত্নীক দলবদ্ধভাৱে ধৰ্ষণ কৰাৰ পাছত গাত অগ্নিসংযােগ কৰি হত্যা কৰা ঘটনাই তীব্র চাঞ্চল্য সৃষ্টি কৰিছে। আৰক্ষীয়ে এই সন্দৰ্ভত ৬ দুৰ্বৃত্তক আটক কৰি তদন্ত প্রক্রিয়া আৰম্ভ কৰিছে। জানিব পৰা মতে, বৃহস্পতিবাৰে ধামখুন্দাস্থিত বাবুল ডেকাৰ মালিকানাধীন বি ডি আই ইটাভাতাৰ শ্রমিক নিভাষ বৰ্মনৰ পত্নীক কেইবাজনীয়া দুৰ্বৃত্তৰ দলে ধর্ষণ কৰে।

ইয়াতে ক্ষান্ত নাথাকি দুৰ্বৃত্তই মহিলাগৰাকীক অগ্নিসংযােগ কৰি হত্যা কৰে। মহিলাগৰাকীৰ পৰিয়ালৰ লােকে ঘটনা সন্দৰ্ভত ক্ষেত্ৰী থানাত এখন এজাহাৰ দাখিল কৰে। কিন্তু ঘটনাটো প্ৰাগজ্যোতিষপুৰ থানাৰ অন্তৰ্গত এলেকাত সংঘটিত হােৱা বাবে গােচৰটো প্ৰাগজ্যোতিষপুৰ থানালৈ প্ৰেৰণ কৰে। প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে কালি অভিযান চলাই দিপৰাঙৰ অনিল দাস, আনন্দ দাস, মৰিগাঁও জিলাৰ পলাশবাৰীৰ ৰাজু কর্মকাৰ, ঠেংভাঙাৰ নন্দু বিশ্বাস, কমাৰপুৰৰ মৃগেন ডেকা আৰু মৰিগাঁও জিলাৰ কুকুৱাৰীৰ মহম্মদ আবুল হুছেইনক গ্রেপ্তাৰ কৰে।

আৰক্ষীয়ে পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ (জি)/৩০২/৫০৬ ধাৰাত আৰু ৫৬/১৯ নম্বৰত এটা গােচৰ ৰুজু কৰি ঘটনাৰ তদন্ত প্রক্রিয়া আৰম্ভ কৰিছে। ইপিনে, পৰিয়ালৰ লােকৰ অভিযােগ যে এই নৃশংস হত্যাকাণ্ডৰ অন্তৰালত গভীৰ ৰহস্য সােমাই আছে। এই জঘন্য হত্যাকাণ্ডৰ লগত বি ডি আই ইটাভাতাৰ স্বত্বাধিকাৰীৰ পুত্ৰও জড়িত থকাৰ গুৰুতৰ অভিযােগ উত্থাপন কৰিছে পৰিয়ালবৰ্গই।

এই সন্দৰ্ভত ইটাভাতাৰ মালিক বাবুল ডেকাৰ নীৰৱ ভূমিকা অতি ৰহস্যজনক বুলি পৰিয়ালৰ লগতে একাংশ লােকে অভিযােগ কৰিছে। উল্লেখ্য যে মহিলাগৰাকীয়ে ইটাভাতাটোত ভাত বনােৱা কাম কৰিছিল। তাৰ মাজতে তেওঁৰ ওপৰত দুৰ্বৃত্তৰ লােলুপ দৃষ্টি পৰে। অভিযােগ মতে, বাবুল ডেকাই আৰক্ষীক মেনেজ কৰিছে আৰু পুত্ৰক ৰক্ষা কৰাৰ বাবে আন অভিযুক্তকেইজনক গ্রেপ্তাৰ কৰােৱাই আৰক্ষীৰ সৈতে গােপন বুজাবুজি কৰিছে। অৱশ্যে এই অভিযােগৰ সত্যতা কিমান সেয়া তদন্ততহে স্পষ্ট হ'ব। ভুক্তভােগী পৰিয়ালটোৰ লগতে ৰাইজে এই নাৰকীয় ঘটনাৰ নিৰপেক্ষ তদন্ত দাবী কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।