'শ্বেয়াৰ হাৰ জাৰ্নী' পদক্ষেপৰ এম্বেছাদৰ ৰীমা দাস

 03/30/2019 - 14:08

ডিজিটেল ডেস্ক: বিশ্বৰ আগশাৰীৰ ছবি মহোৎসৱৰ অন্যতম টৰণ্টো ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলৰ 'শ্বেয়াৰ হাৰ জাৰ্নী' শীৰ্ষক পদক্ষেপৰ এম্বেছাদৰ হিচাপে নিযুক্তি লাভ কৰিছে অসম কন্যা ছবি পৰিচালক ৰীমা দাসে ।

টৰণ্টো ছবি মহোৎসৱৰ কলা সঞ্চালক আৰু সহঃ মুৰব্বী কেমেৰুন বেইলীয়ে এই কথা ঘোষণা কৰি কয় যে, 'শ্বেয়াৰ হাৰ জাৰ্নী' শীৰ্ষক পদক্ষেপৰ এম্বেছাদৰ হিচাপে ৰীমা দাসক নিযুক্তি প্ৰদান কৰি তেওঁ সুখী। ইয়ে মহিলাসকলক ছবি উদ্যোগৰ লগত জড়িত হোৱাত সহায় কৰিব বুলিও তেওঁ মন্তব্য আগবঢ়ায়।

উল্লেখ্য যে, ২০১৭ চনৰপৰা বিশেষ কাৰ্যসূচী হিচাপে 'শ্বেয়াৰ হাৰ জাৰ্নী' শীৰ্ষক এই পদক্ষেপটো আৰম্ভ কৰা হৈছিল। এই পদক্ষেপৰ মুখ্য উদ্দেশ্য হ'ল কেমেৰাৰ সন্মুখত আৰু পিছত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি কৰা। লগতে যুৱগ্ৰজন্মৰ মাজত দক্ষতা বিকাশ, মিডিয়া সাক্ষৰতা আদিৰ দৰে একাধিক কাৰ্যসূচী ৰূপায়ণ কৰাটোও এই পদক্ষেপত অন্তৰ্ভূক্ত কৰা হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।