ফেচবুকে নিষিদ্ধ কৰিব পাৰে লাইভ ভিডিঅ'

 03/30/2019 - 15:37

ডিজিটেল ডেস্ক: ফেচবুক লাইভ কৰি ভালপোৱাসকলৰ বাবে দুঃখবৰ। ফেচবুকে এতিয়া নজৰ ৰাখিব আপোনাৰ লাইভ ভিডিঅ'সমূহৰ ওপৰত। ছ'চিয়েল মিডিয়া কোম্পানী ফেচবুকৰ চীফ অপাৰেটিং অফিচাৰ শ্বেৰিল চেণ্ডবাৰ্গে শুকুৰবাৰে তেওঁ প'ষ্ট কৰা এটা ব্লগত এই কথা উল্লেখ কৰে।

চেণ্ডবাৰ্গে জনোৱা মতে, কোম্পানীটোৱে ফেচবুকত ভিডিঅ' শ্বেয়াৰ কৰাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিব। অৱশ্যে, এইক্ষেত্রত কিছু নীতি-নিয়ম বান্ধি দিয়া হ'ব। নিউজিলেণ্ডৰ মছজিদত সংঘটিত হোৱা ভয়াৱহ ঘটনাটোৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কোম্পানীটোৱে।

লগতে, ফেচবুকত কোনটো ভিডিঅ' লাইভ যাব তাকো কোম্পানীটোৱে মণিটৰ কৰিব। উল্লেখ্য যে, ১৫ মাৰ্চত নিউজিলেণ্ডৰ মছজিদত দুৰ্বৃত্তই প্ৰায় ৫০ জন লোকক গুলীচালনা কৰি হত্যা কৰিছিল। লগতে তেওঁ কয় যে, ফেচবুকে ৯০০তকৈও অধিক ভিন্ন ভিন্ন লাইভ ভিডিঅ' চিনাক্ত কৰিছে য'ত ১৭ মিনিটৰ নৰসংহাৰৰ কিছু দৃশ্য দেখুওৱা হৈছে ।

যোৱা সপ্তাহত ফেচবুকৰপৰা ১.৫ মিলিয়ন ভিডিঅ' আঁতৰোৱা হৈছে বুলিও কোম্পানীটোৱে জানিবলৈ দিয়ে। য'ত নিউজিলেণ্ডৰ আক্ৰমণৰ ফুটেজ আছিল।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।