চীনত চিকিৎসাধীন পৰেশ বৰুৱাঃ সত্য নে অপপ্ৰচাৰ

 03/30/2019 - 16:48

ডিজিটেল ডেস্কঃ চীনত চিকিৎসাধীন পৰেশ বৰুৱা ! এই খবৰে বৰ্তমান লাভ কৰিছে ব্যাপক চৰ্চা। চোৰাংচোৱাৰ খবৰৰ ভিত্তিত সংবাদ মাধ্যমত প্রকাশিত বাতৰি মতে, চীনৰ য়ুনান ফাৰ্ষ্ট পিপলছ হাস্পতালত আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই বর্তমান চিকিৎসা গ্রহণ কৰি আছে। উল্লেখ্য যে যােৱা বছৰৰ শেষৰফালে পৰেশ বৰুৱাই চীন-ম্যানমাৰ সীমান্তৰ ৰুইলিত এক মটৰচাইকেল দুর্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈছিল।

দুর্ঘটনাটোত বৰুৱাই কামিহাড় আৰু ভৰিত আঘাত পােৱাৰ লগতে তেওঁৰ হাতৰ হাড় ভাগিছিল। লগে লগে তেওঁ দেশখনৰ এখন আগশাৰীৰ হাস্পতালত ভর্তি হৈ চিকিৎসা গ্রহণ কৰে। কিছুদিন চিকিৎসা গ্ৰহণ কৰি সুস্থ হৈ উঠাত তেওঁ হাস্পতালখনৰ পৰা ৰিলিজ লৈ আহে আৰু দেশখনৰ ৰুইলিঙত আশ্রয় গ্রহণ কৰি কিছুদিন ধৰি জিৰণি লয়। মটৰচাইকেল দুর্ঘটনাৰ পিছত বিদ্রোহী নেতাজন সুস্থ হৈ উঠে যদিও তেওঁৰ দেহত মধুমেহ ৰােগে তিতাপি লয়। মধুমেহত আক্রান্ত হােৱাৰ বাবেই বৰুৱা কিছুমান আনুষংগিক জটিলতাত ভুগিবলৈ ধৰে।

ফলত তেওঁ বিগত কিছুদিনৰ পৰা উক্ত হাস্পতালখনত ভর্তি হৈ চিকিৎসা গ্রহণ কৰি আছে। স্বাস্থ্যজনিত কাৰণত ৰুইলিঙৰ হাস্পতালখনত ভর্তি হােৱা পৰেশ বৰুৱাই ২০০৯ চনৰ পৰা চহৰখনত আশ্ৰয় লৈ বহিঃজগতৰ সৈতে যােগাযােগ ৰাখি আহিছে। উল্লেখ্য যে পৰেশ বৰুৱা চিকিৎসাধীন হৈ থকা বাবেই যােৱা জানুৱাৰী মাহৰ শেষৰফালে ম্যানমাৰৰ ছাগাইং প্রদেশৰ টাগাত থকা আলফাৰ শিবিৰত দেশখনৰ সেনাই অতর্কিতে আক্রমণ কৰি সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ মােকাবিলা কৰিব পৰা নাই আলফা কেডাৰে।

ইপিনে, পৰেশ বৰুৱাই চীনৰ উক্ত হাস্পতালখনত চিকিৎসা গ্রহণ কৰি থকাৰ বিষয়ে অসম আৰক্ষীৰ হাতত কোনাে তথ্য নাই। এই সংক্রান্তত অসম আৰক্ষীয়ে পৰেশ বৰুৱা চীনত চিকিৎসাধীন হৈ থকা কথাটোত অজ্ঞতা প্রকাশ কৰে যদিও খবৰটো অস্বীকাৰাে কৰা নাই। এনে পৰিস্থিতিত এই খবৰটো অপপ্রচাৰ নে কি, সেয়া নিশ্চিত হােৱা নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।