চাহৱলাসকললৈ এইবাৰ মোডীৰ নিৰ্বাচনী টোপ

 03/30/2019 - 17:46

ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ উদ্দেশ্যে আজি অসমত উপস্থিত হয় প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডী। ডিব্ৰুগড়ত বিজেপিৰ বিশাল জনসভা সম্বোধন কৰি মোডীয়ে কয় যে, কেন্দ্ৰীয় চৰকাৰে দেশৰ বিকাশৰ বাবে অহৰ্নিশে কাম কৰি আছে।

আনহাতে, মোডীয়ে কংগ্ৰেছক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে, কংগ্ৰেছে চকিদাৰক বেয়া পোৱাৰ লগতে চাহৱলাসকলকো বেয়া পায়। সেয়ে চাহ ব্যৱসায়ৰ লগত জড়িত লোকসকল যোৱা ৭০বছৰৰ পৰা উপেক্ষিত হৈ আছে ।

লগতে মোডীয়ে কয় যে, এজন চাহৱলাৰ দুখ কেৱল আন এজন চাহৱলাইহে উপলব্ধি কৰিব পাৰে। সেই সন্দৰ্ভত তেওঁ কৃষকসকলৰ কথাও উনুকিয়াই কয় যে, চাহৱলাসকলেও প্ৰতি বছৰে ৬হেজাৰকৈ টকা পাব যিটো তেওঁলোকৰপৰা কোনেও কাঢ়িব নোৱাৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।