মৰাণত প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

 03/30/2019 - 18:09

ডিব্ৰুগড়ঃ নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে আজি ডিব্ৰুগড়ৰ মৰাণত অনুষ্ঠিত হ’ল বিজয় সংকল্প দিৱস। বিজয় সংকল্প দিৱসত উপস্থিত থাকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পোনপ্ৰথমে অসমৰ জাতি আৰু দেশৰ বাবে আত্মবলিদান দিয়া নমস্য ব্যক্তিসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে।

সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক ভাৰত ৰত্ন প্ৰদান কৰা সন্ধৰ্ভত মন্তব্য কৰি কয় যে, ৫বছৰত আপোনালোকৰ এই চকীদাৰে কি কৰিলে তাৰ খতিয়ান দাঙি ধৰিবলৈ আজি আপোনালোকৰ মাজত উপস্থিত হৈছো। আমাৰ চৰকাৰৰ কাৰ্য্যকালত ৮৫ শতাংশ লোকৰ ঘৰত বিদ্যুতৰ সংযোগ ঘটিল।

দুখীয়া ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত বিভিন্ন আঁচনি প্ৰৱৰ্তন হ’ল। মুদ্ৰা লোণৰ জৰিয়তে ৫০লাখ নিবনুৱা স্বাৱলম্বী হৈ পৰিল। আমি ২৫ বছৰৰ কাম আৰু ৫ বছৰত কৰিব বিচাৰো । ইয়াৰ বাবে সকলোৰে সহযোগিতা আৱশ্যক।

আনহাতে, নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চৰকাৰে ৩খন দলং নিৰ্মাণ কৰাৰ কথা দোহাৰে। ভাৰত বাংলাদেশৰ সীমান্ত চীল কৰাকে আদি কৰি দুৰ্নীতিমুক্ত অসম গঢ়াৰ প্ৰয়াস কৰাৰ কথা জানিবলৈ দিয়ে ।

উল্লেখযোগ্য যে, আজি বিজয় সংকল্প সভাত বিভিন্ন দলীয় প্ৰাৰ্থীৰ লগতে অগণন ব্যক্তি উপস্থিত আছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।