মুম্বাইৰ যুৱকলৈ গুগলৰ ১.২ কোটি টকা দৰমহাৰ চাকৰিৰ লোভনীয় প্ৰস্তাৱ !

 03/30/2019 - 19:41

মুম্বাইঃ বৰ্তমান সময়ত গুগলৰ জনপ্ৰিয়তা আৰু প্ৰয়োজনীয়তা কিমান সেয়া নতুনকৈ দোহৰাৰ প্ৰয়োজন নাই। হাতে হাতে স্মাৰ্ট ফ’ন লৈ আজিকালি মানুহৰ গুগলৰ বুকুত অবাধ বিচৰণ চলে। যিকোনো প্ৰয়োজনীয় তথ্য ছেকেণ্ডৰ ভিতৰতে গুগলে তুলি দিব পাৰে বাবেই বৰ্তমান সময়ত জনসাধাৰণ দিনক দিনে গুগলৰ অধিক শৰণাপন্ন হ’বলৈ ধৰিছে। অনবৰতে গুগলৰ ওপৰত মানুহৰ চকু পৰে কিন্তু এইবাৰ গুগলৰ চকু পৰিছে এজন ভাৰতীয় যুৱকৰ ওপৰত!

গুগলৰ লণ্ডনস্থিত কার্যালয়ত বছৰি ১.২ কোটি টকাৰ দৰমহাৰ চাকৰি লাভ কৰিছে মুম্বাইৰ ২১ বছৰীয়া যুৱক আব্দুল্লা খানে। কম্পিটিটিভ প্রগ্রেমিং চেলেঞ্জেছ’ বিষয়ক এটা ৱেব ছাইটত তেওঁৰ প্ৰফাইল দেখাৰ পিচতে তাৎক্ষণিকভাৱে গুগলে আব্দুল্লাক সাক্ষাৎকাৰৰ বাবে আমন্ত্রণ জনাইছিল। বর্তমান কম্পিউটাৰ ছায়েন্স বিষয়ত বি ই পাঠ্যক্ৰমৰ চূড়ান্ত বৰ্ষৰ ছাত্র আব্দুল্লাই অহা ছেপ্টেম্বৰ মাহত লণ্ডনত গুগলৰ ছাইট ৰিলায়েবিলিটি ইঞ্জিনীয়াৰিং দলত যােগদান কৰিব।

উল্লেখ্য যে আই আই টিৰ শিক্ষার্থী নােহােৱা সত্ত্বেও আব্দুল্লাৰ বাবে এনে চাকৰি লাভ কৰাটো বৃহৎ সফলতা হিচাপে পৰিগণিত হৈছে। কিয়নাে আই আই টিৰ বিপৰীতে অন্যান্য শিক্ষানুষ্ঠানৰ পৰা ইঞ্জিনীয়াৰিঙৰ পাঠ্যক্রম সম্পন্ন কৰা প্রার্থীসকলে সাধাৰণতে বছৰি প্রায় ৪-৫ লাখ টকাৰ দৰমহাহে লাভ কৰে। আব্দুল্লাই বর্তমান মুম্বাইৰ এল আৰ তিৱাৰী ইঞ্জিনীয়াৰিং কলেজত অধ্যয়ন কৰি আছে। প্ৰতিভাধৰ আব্দুল্লাক লৈ সুখী হৈ পৰিছে পৰিয়ালৰ লোকৰ লগতে তেওঁৰ শুভাকাংক্ষীসকল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।