আমিনগাঁও জিলা পৰিবহণ কাৰ্যালয়ত স্বচ্ছ অভিযান

 08/13/2019 - 18:38

আমিনগাঁওঃ সমগ্ৰ দেশৰ অন্যান্য প্ৰান্তৰ লগতে আমিনগাঁৱতো ৭৩ সংখ্যক স্বাধীনতা দিৱস উদযাপিত হ'ব। আজি কামৰূপ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত স্বচ্ছ অভিযান চলোৱা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত জিলা পৰিবহন বিষয়া গৌতম দাসৰ নেতৃত্বত জিলা পৰিবহণ কাৰ্যালয় চৌহদত চাফাই অভিযান চলোৱা। এইবাৰ জিলা পৰিবহণ কাৰ্যালয়ত তিনিদিনীয়াকৈ স্বাধীনতা দিৱস উদযাপন কৰা হ’ব।

১৪ আগষ্টত পৰিৱেশৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে এক গছপুলি ৰোপণ কাৰ্যসূচী দিনৰ ১১ বজাত জিলা পৰিবহণ বিষয়া কাৰ্যালয়ত অনুষ্ঠিত হ’ব বুলি পৰিবহন বিষয়া গৌতম দাসে জানিবলৈ দিছে। ১৫ আগষ্টৰ পুৱা ৭.৩০ বজাত জিলা পৰিবহণ কাৰ্যালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হ’ব। ইয়াৰ উপৰি নুমলী জলাহ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত হ’ব লগীয়া স্বাধীনতা দিৱসৰ কাৰ্যসূচীত পথ সুৰক্ষা সজাগতা অনুষ্ঠান আয়োজন কৰা হ’ব জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।