যোৰাবাটৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

 08/13/2019 - 19:17

ডিজিটেল ডেস্কঃ মঙলবাৰে যোৰাবাটৰ ৩৭ নং ৰাষ্টীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে যোৰাবাটৰ পৰা গুৱাহাটী অভিমুখে আহি থকা AS01 K2000 নম্বৰৰ তীব্ৰবেগী এম্বুলেন্সখনে নিয়ন্ত্ৰন হেৰুৱাই যোৰাবাটৰ কেন্সাৰ হাস্পতালৰ সন্মুখত থকা এজোপা প্ৰকাণ্ড গছত খুন্দা মাৰে।

এই দুৰ্ঘটনা সংঘটিত হোৱা পাছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ এম্বুলেন্সৰ চালকগৰাকীক জিএমচিএইছলৈ প্ৰেৰণ কৰে। আহত হোৱা চালকগৰাকী নাম জংকী নেওগ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।