কি এই ‘এপ্রিল ফুলছ ডে’ !

 04/01/2019 - 12:51

মানসী বৰঠাকুৰঃ আজি ১ এপ্ৰিল। আজিৰ দিনটো ‘এপ্রিল ফুলছ ডে’ বা মূৰ্খৰ দিৱস বুলি জনাজাত। বহুতাে জনপ্রিয় দিৱসৰ ভিতৰত অন্যতম এই ‘এপ্রিল ফুলছ ডে’। এপ্রিল ফুলছৰ বিষয়ে নজনা মানুহ আৰু এই দিনটোত আনৰ লগত ধেমালি নকৰা মানুহ হয়তাে নগণ্য সংখ্যকহে ওলাব। এই দিৱস আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পালন কৰা হয়। মানুহৰ মাজত অতি জনপ্রিয় এই দিনটোতে প্রায় সকলােৱেই কাৰােবাক মূৰ্খ সজাবলৈ ৰৈ থাকে। এই দিনটোতেই এজনে আন এজনক মিছা কথাৰে বুর্বক সজাই ৰং পায়, লগতে বিভিন্ন মাধ্যমৰ জৰিয়তে কিছুমান উৰাবাতৰিও প্ৰচাৰ হয়।

এনেয়েও নিজৰ বন্ধুবৰ্গৰ মাজত হাঁহি-ফূর্তি, ৰং-তামাচা চলিয়েই থাকে, মিছা কথাৰে মূৰ্খ সজোৱা হয়, গাজা কোৱা হয় যদিও এই দিনটোৰ দিনা কাৰােবাক ফাঁকি কথাৰে মূৰ্খ সজাই বিশেষ আমােদ পোৱা যায়। অনবৰতে খঙাল ৰূপত থকা কোনােবা ব্যক্তিক বাকী দিনত কোনােবাই ধেমালি কৰিবলৈ সাহস নকৰিলেও এই দিনটোতে সাহস কৰি ধেমালি কৰি চায়। এনেই ফাঁকি কথা কৈ ধেমালি কৰা কাৰবাৰটো বহুত লােকে বেয়া পালেও এই দিনটোত কৰা ধেমালিবােৰক তেনে লোকেও হাঁহি-হাঁহি উপভােগ কৰে। এই দিনটোতে যিকোনাে বয়সৰ মানুহক, সৰুৱেও ডাঙৰক নির্দোষ ধেমালি কৰাৰ সুযােগ মিলে।

এক এপ্রিলৰ দিনা মিছা কথাৰে আনক মূৰ্খ সজোৱা প্ৰক্ৰিয়াটো শ শ বছৰ আগৰ পৰাই চলি আহিছে। এই দিনটোক কিয় এপ্রিল ফুল হিচাপে মনা হয় ঠাই বিশেষে এই বিষয়ত বহুতাে কাহিনী প্রচলিত আছে। ১৮৮৬ চনত ব্রিটেইনত পােনপ্ৰথমবাৰৰ বাবে জন অ’ব্রেই এই দিৱসটোৰ কথা 'Fools Holiday' বুলি উল্লেখ কৰিছিল। ইৰানৰ লােকসকলে পাৰ্ছিয়ান নৱবৰ্ষৰ ১৩নং দিনটোত ইজনে-সিজনৰ লগত নির্দোষ ধেমালি কৰে। এই দিনটো ১ এপ্রিলত পৰে। খৃষ্টপূর্ব ৫৩৬তো উদযাপন কৰাৰ প্ৰমাণ পােৱা এই দিনটোক 'Sizdah Bedar' বুলি কোৱা হয় আৰু ই বিশ্বত এতিয়াও প্রচলিত ধেমালিৰ পৰম্পৰাৰ আটাইতকৈ পুৰণি পৰম্পৰা। সেইবাবে বহুতে বিশ্বাস কৰে যে এপ্রিল ফুলছ দিৱসৰ উৎপত্তি এই পৰম্পৰাৰ পৰাই আৰম্ভ হৈছে।

পলেণ্ডত 'Prima Aprilis' অর্থাৎ এক এপ্রিলৰ দিনটো কৌতুক, ধেমালি, সাধাৰণ লােক বা মিডিয়াই উলিওৱা উৰাবাতৰিৰে পূৰ্ণ হৈ থাকে। গহীন কাম-কাজ এই দিনটোত পৰিহাৰ কৰা হয়। এই বিশ্বাস ইমানেই তীব্র যে ৰােমান ৰজা লিঅ’পলড প্ৰথমৰ লগত এক এপ্রিলৰ স্বাক্ষৰিক তুর্কীৰ বিপক্ষে গোটবন্ধনৰ তাৰিখটো পিছুৱাই ৩১ মার্চ কৰি দিয়া হৈছিল। বহুতাে লােকৰ মতে ১৫৬৪ৰ আগলৈকে ইউৰােপৰ সকলাে দেশতে এপ্রিলৰ এক তাৰিখৰ দিনটো নৱবৰ্ষৰ আৰম্ভণি হিচাপে মনা হৈছিল। কিন্তু ১৫৬৪ত ৰজা চাৰ্লছ নৱম এ এখন নতুন কেলেণ্ডাৰৰ মতে এক জানুৱাৰী দিনটো বছৰৰ প্রথম দিন হিচাপে মানিবলৈ সকলােকে আদেশ দিলে, বহুতেই এক জানুৱাৰী দিনটোক বছৰৰ প্রথম দিন হিচাপে মানিলে যদিও কিছুসংখ্যকে এক এপ্রিল দিনটোকেই বছৰৰ প্রথম দিন হিচাপে মানি থাকিল আৰু এই লােকসকলক মূৰ্খ ভাবি নতুন কেলেণ্ডাৰক আঁকোৱালি লােৱা লােকসকলে এক এপ্রিলৰ দিনা তেওঁলােকক লৈ বিভিন্ন ধৰণৰ হাঁহি-ধেমালি, ঠাট্টা-মস্কৰা কৰাৰ লগতে মিছা উপহাৰ দিবলৈ আৰম্ভ কৰি দিলে আৰু তেতিয়াৰ পৰাই এক এপ্রিল দিনটো  ‘এপ্রিল ফুলছ ডে’  হিচাপে মানি অহা হৈছে।

এইটো দিৱসৰ বিশেষত্ব এয়েই যে আনবােৰ দিৱসৰ দৰে এইটো জনপ্রিয় দিৱসত বিভিন্ন ধৰণৰ খােৱা-বােৱা, কাপােৰ কানি কিনা, উপহাৰ আদান-প্রদান কৰাৰ কথা নাহে। এইটো দিৱসৰ নামত ক’তো মেল-মিটিং বা সভা, অনুষ্ঠান, ফাংচন আদিও অনুষ্ঠিত নহয়। তথাপি হাঁহি ধেমালিৰে ভৰা এই দিনটো ঘৰে ঘৰে বহুল জনপ্রিয় আৰু ভৱিষ্যতেও সদায় এনেদৰেই জনপ্রিয় হৈ থাকিব এই ‘এপ্রিল ফুলছ ডে’।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।