বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়িবলৈ অশ্বক্লান্ত দেৱালয়ত শীঘ্ৰেই কাম আৰম্ভ কৰিব জিএমডিএ

 08/24/2019 - 20:36

আমিনগাঁওঃ বিষ্ণুতীৰ্থ শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয় কামৰূপ জিলাৰ অন্তৰ্গত উত্তৰ গুৱাহাটীৰ মাজগাঁৱত অৱস্থিত ৬০০ বছৰ অতিক্ৰম কৰা এখনি ঐতিহাসিক দেৱালয়। অসমৰ পবিত্ৰ গয়া তীৰ্থৰূপে খ্যাত। সংৰক্ষণ আৰু চৰকাৰী অবহেলাৰ বাবে গুৱাহাটী মাজমজিয়াৰ পূৰাণ প্ৰসিদ্ধ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী অশ্বক্লান্ত দেৱালয় জহি খহি জৰাজীৰ্ণ অৱস্থাত আছে। শেহতীয়াকৈ দেৱালয়খনৰ দলৈ লক্ষেশ্বৰ শৰ্মাই উত্তৰ গুৱাহাটী ৰাইজৰ সহযোগত পুনৰ নিৰ্মাণৰ বাবে বিভিন্ন বিভাগৰ কাষ চপাত জিএমডিএৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰিছে।

প্ৰথম পৰ্যায়ত গুৱাহাটী উন্নয়ন প্ৰাধিকৰণে ২৪ লাখ টকাৰ উন্নয়ন আঁচনি যুগুত কৰি পৰিকল্পনা বিভাগলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে। সেই মৰ্মে আয়োগে নৰ্থ ইষ্টাৰ্ণ কাউন্সিলক নিবিদা আহ্বান কৰিবলৈ পৰামৰ্শ দিছে। অশ্বক্লান্ত দেৱালয়ৰ পুনৰ নিৰ্মাণ ক্ষেত্ৰত অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে আগভাগ লোৱা পৰিলক্ষিত হৈছে। দেৱালয়খন বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলা যথেষ্ট থল আছে। কৃষ্ণ জন্মাষ্টমী উপলক্ষে ২৩ আগষ্টত দেৱালয়ত উপস্থিত হৈ জিএমডিএৰ মূখ্য কাৰ্যবাহী বিষয়া মলয় বৰাই এই মন্তব্য আগবঢ়ায়। ইয়াৰ উপৰিও অশ্বক্লান্ত দেৱালয়ৰ তলত ভেটি নিৰ্মাণ কৰা হ’ব। বিষয়াগৰকীয়ে ডিস্কভাৰ গুৱাহাটীৰ অধীনত ১০০ কোটিৰ আঁচনি চৰকাৰক দাখিল কৰাৰ কথা অৱগত কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।