পলাশবাৰীৰ অজন্তা ফাৰ্মাত দুজন কৰ্মচাৰীৰ মৃত্যুত উত্তেজনা

 08/31/2019 - 15:13

মিৰ্জাঃ উদ্যোগ নগৰী পলাশবাৰীৰ অজন্তা ফাৰ্মাত উত্তেজনা। বিদ্যুৎস্পৃষ্ট হৈ সংঘটিত হোৱা অগ্নি কাণ্ডত দুজন কৰ্মচাৰী নিহত। নিহত কৰ্মচাৰী দুজন মিৰ্জা বজাৰাপাৰাৰ জিটু দাস আৰু মাজকুচিৰ মহেশ ঠাকুৰীয়া। উদ্যোগ কৰ্তৃপক্ষৰ গাফিলটিৰ বাবে সংঘটিত হয় এই দুৰ্ঘটনা। যাৰ বাবে উদ্যোগটোৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে অঞ্চলবাসী।

উদ্যোগটোৰ মইমতালিৰ বাবে এনেদৰে দুজন নিৰীহ যুৱকৰ প্ৰাণ গ’ল। বৰ্তমান অজন্তা ফাৰ্মা নামৰ উদ্যোগটোৰ বিৰুদ্ধে উঠিছে বিভিন্ন গাফিলতিৰ অভিযোগ। উত্তেজিত ৰাইজে ভাঙি চূৰ মাৰ কৰিলে সকলো। ঘটনাস্থলীত উপস্থিত হয় কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত, চক্ৰ বিষয়া, আগ্নিনিৰ্বাপক বাহিনী, এছডিআৰএফ আদি।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।