এবছৰ হ’ল ব্ৰহ্মপুত্ৰত সংঘটিত ভটভটী দুৰ্ঘটনাঃ এতিয়াও নিখোঁজ কেইবাজনো লোক

 09/04/2019 - 19:42

আমিনগাঁওঃ গুৱাহাটী ভটভটী দুৰ্ঘটনা সংঘটিত হোৱা আজি এবছৰ হ’ল। কিন্তু এতিয়াও প্ৰশাসনে  সন্ধান দিব পৰা নাই কেইবাজনো নিখোজ ব্যক্তিৰ। উল্লেখ্য যে দুৰ্বল টুলুঙা ভটভটীৰে কৰা যাত্ৰাই কাল হৈছিল পাঁচ ছেপ্টেম্বৰত। ৰাইজৰ বহু আবেদন নিবেদনো অসাৰ কৰি প্ৰশাসনে ব্ৰহ্মপুত্ৰত ভটভটী চলাচলত বাধা আৰোপ নকৰাত  প্ৰাণ হানি হৈছিল কেইবাজনো লোকৰ। আৰু ঘটনাৰ পাছৰে পৰা বন্ধ কৰা হ'ল ভটভটী চলাচল। কিন্তু ভটভটীৰ পৰিৱৰ্তে পৰ্যাপ্ত ফেৰী যোগান ধৰিব নোৱাৰিলে জলপৰিবহণ বিভাগে। যাৰ বাবে ফেৰীৰে বাবে ঘণ্টাৰ পাছত ঘণ্টা পাৰঘাটত আবদ্ধ থাকে যাত্ৰী।

জলপৰিবহণ বিভাগৰ গাফিলতিত কটন বিশ্ব বিদ্যালয়ৰ দুই ছাত্ৰী ডিম্পী বড়া আৰু অংকিতা বৰুৱাই অকাল মৃত্যুক সাবটিলে। প্ৰাণ গ’ল ৰাহুল আলীৰ, নিখোঁজ হ’ল কমল দাসৰ লগতে আন কেইবাজনো। কিন্তু শিক্ষা নল’লে জলপৰিবহণ বিভাগে। পুৰণি জাহাজত মৰণক শৰণ দি যাতায়াত কৰে যাত্ৰীয়ে। পৰিবহণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে জনতাক ন ন কথাৰে আভুৱা ভৰাই আহিছে। কিন্তু নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভঙ্গত পাকৈত মন্ত্ৰীয়ে নিবিচাৰে সমস্যা সমাধানৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।