এআইইউডিএফক পূৰ্ণ সমৰ্থন ইউপিপিএলৰ

 04/06/2019 - 11:43

ধুবুৰী: এআইইউডিএফৰ ধুবুৰীস্থিত কাৰ্যালয়ত কালি অনুষ্ঠিত হোৱা এক আলোচনাচক্ৰত মৌলানা বদৰুদ্দিন আজমলক সম্বৰ্ধনা জনায় ইউপিপিএলৰ বিষয়ববীয়াসকলে।

ইউপিপিএলৰ পৰ্বতজৰা জিলা সভাপতিৰ উত্তম হাজোৱাৰী আৰু পিপল জইণ্ট একছন কমিটীৰ আহ্বায়ক মজুমদাৰ ব্ৰহ্ম আৰু এনডিএফবি (PRO)ৰ আলোচনাপন্থী জ্যেষ্ঠ বিষয়া জগদীশ ব্ৰহ্মই সমাগত লোকসভা নিৰ্বাচনত মৌলানা বদৰুদ্দিন আজমলৰ এআইইউডিএফ দলক পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি জানিবলৈ দিয়ে। উক্ত আলোচনাত এআইইউডিএফ দলৰ বিষয়ববীয়াৰ সৈতে গৌৰীপুৰৰ বিধায়ক উপস্থিত থাকে।

কেন্দ্ৰীয় সভাপতি এবছু লোৰেছ ইছলাৰী আৰু পৰ্বতজৰা আঞ্চলিক এবছুৰ চাৰিটা আঞ্চলিক দলৰ সভাপতি,সম্পাদকসহ কৰ্মীসকলে জাতিৰ ৰক্ষাৰ স্বাৰ্থত এআইইউডিএফ দলক পূৰ্ণ সমৰ্থন আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়ে ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।