জলাশয়ৰ মাজত স্থাপন কৰা হ'ল সুধাকন্ঠ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি

 09/13/2019 - 14:16

খোৱাঙ: কিছুদিনৰ পূৰ্বে প্ৰচাৰ হৈছিল যে মৰাণৰ সমীপৰ তিলৈ নদীৰ জলাশয়ৰ মাজত কেনেদৰে সুধাকন্ঠ ড°ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি স্থাপন কৰি অপমান কৰা হৈছিল। উক্ত বাতৰিৰ পিছতে মৰাণ আৰু খোৱাঙৰ বিভিন্ন মহলৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল। বাতৰি পৰিৱেশন কৰাৰ কিছুদিনৰ পিছতে কালি ভূপেনদাৰ প্ৰতিমূৰ্তি উন্নয়নৰ বাবে আগবাঢ়ি আহিল ৰাংচালি পঞ্চায়তৰ একাংশ প্ৰতিনিধি। ড°ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত ২০১৭-১৮ বৰ্ষৰ চৰ্তুদশ বিত্তীয় আয়োগৰ অধীনত ৬ লাখ টকা ব্যয়েৰে মহিলা আৰু শিশুৰ এটা সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ আধাশিলাৰ ফিটা কাটে পঞ্চায়ত সচিব দিলীপ বৰুৱাই।

আধাশিলাৰ ফিটা কটাৰ প্ৰাকমুহূৰ্তত পঞ্চায়ত সচিবজনে প্ৰকল্পটো উন্নয়ণৰ স্বাৰ্থত সংবাদ মাধ্যমৰ লগতে সকলোৰে সহযোগিতা কামনা কৰে। ড°ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰৰ উন্নয়ণ সমিতিৰ সভাপতি চন্দন গগৈয়ে আঁ‌তধৰা অনুষ্ঠানটোত ৰাংচালি পঞ্চায়তৰ কেইবাগৰাকীও প্ৰতিনিধি উপস্থিত থকাৰ উপৰিও উন্নয়ণ সমিতিৰ সদস্য সকল উপস্থিত থাকে। তিলৈৰ সমীপৰ কেইজনমান যুৱকে ড° ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰ উন্নয়ণ সমিতিৰ নামেৰে এখন সমিতি গঠন কৰি তিলৈ নদীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এটা জলাশয়ৰ মাজত স্থাপন কৰিছিল ভূপেনদাৰ প্ৰতিমূৰ্তি।

অতি দৃষ্টি কটু ভাৱে স্থাপন কৰা প্ৰতিমুৰ্তিটো বাৰিষা হ'লে আধা অংশ পানীৰ মাজত থাকে। যি দৃশ্য দেখি প্ৰতিজন অসমীয়াৰ বুকু কঁ‌পি উঠে। প্ৰতিমূৰ্তি আটকধুনীয়া কৰি তোলা লক্ষ্যৰে আগবাঢ়ি অহা প্ৰতিনিধি সকলে কি ভূমিকা গ্ৰহণ কৰিব?

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।