বিজনীঃ সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটা জিলাৰ গোৱৰ্ধনা প্ৰাথমিক শিক্ষাখণ্ডৰ কাৰ্যালয়ত ঠিকাভিত্তিক প্ৰাথমিক টেট শিক্ষকসকলে অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে৷ হাতে-হাতে প্লে কাৰ্ড লৈ বিভিন্ন শ্লোগানেৰে ঠিকাভিত্তিক টেট শিক্ষকৰ চাকৰি বেতন সুৰক্ষাসহ নিয়মীয়া কৰাৰ দাবীত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে টেট শিক্ষকসকলে৷
সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকসমাজৰ আহ্বান মৰ্মে প্ৰাথমিক টেট উত্তীৰ্ণ কৰ্মৰত ঠিকাভিত্তিত শিক্ষকসকলে পালন কৰে এই অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী৷ কাৰ্যসূচীৰ শেষত গোৱৰ্ধনা শিক্ষা বিষয়াৰ জৰিয়তে ৰাজ্যৰ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে ক্ষোভিত শিক্ষক সকলে৷ ইয়াৰ পিছতো শিক্ষাবিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে তলা বন্ধ কাৰ্যসূচীৰ লগতে দিল্লী চলো কাৰ্যসূচীও ৰূপায়ন কৰিবলৈ বাধ্য হ'ব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।