গৌৰীপুৰ প্ৰাথমিক শিক্ষাখণ্ড বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত টেট শিক্ষকৰ অৱস্থান ধৰ্মঘট

 09/13/2019 - 17:16

গৌৰীপুৰঃ শুকুৰবাৰে পুৱা ১০.৩০ বজাৰ পৰা দিনৰ ১২.৩০ বজালৈ সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ আহ্বানত ধুবুৰী জিলাৰ গৌৰীপুৰ প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত টেট উত্তীৰ্ণ শিক্ষক সমাজৰ দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী। অসমৰ বিভিন্ন জিলাত ঠিকাভিত্তিক কৰ্মৰত প্ৰায় ৪১,০০০(৩০,০০০সৰ্বশিক্ষা+১১,০০০ ষ্টেট পুল) টেট উত্তীৰ্ণ শিক্ষকে বিভিন্ন সমস্যাৰ মাজত নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰি আছে। ঠিকাভিত্তিক কৰ্মৰত টেট উত্তীৰ্ণ শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ বহু প্ৰতিশ্ৰুতি বিভিন্ন সময়ত দিয়া হৈছিল কিন্ত যদিও বৰ্তমানলৈকে চৰকাৰে এই ক্ষেত্ৰত কোনো ব্যবস্থা গ্ৰহণ কৰা নাই।

মাহৰ ৭ তাৰিখে প্ৰতিখন জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত ধৰ্না কাৰ্যসূচীৰ জৰিয়তে নিয়মীয়াকৰণৰ দাবীত "স্মাৰক'' পত্র প্ৰদান কৰা হৈছিল, কিন্ত কোনাে ব্যবস্থা গ্ৰহণ কৰা ন’হল। শুকুৰবাৰে গৌৰীপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ জৰিয়তে শিক্ষা মন্ত্ৰী সিদ্ধান্ত ভট্টাচাৰ্যক "স্মাৰক" পত্র প্ৰেৰন কৰে, সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে।

তেওঁলোকৰ প্ৰধান দাবী-ঠিকা ভিত্তিক কৰ্মৰত প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকৰ চাকৰি বিনাচৰ্তে বেতন সূৰক্ষাসহ নিয়মীয়াকৰন কৰা হওঁক। অন্যথা পৰবৰ্তী সময়ত সকলো জিলাতে প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত 'তলা বন্ধ 'ৰ দৰে তীব্ৰ গণতান্ত্ৰিক কাৰ্যসূচী গ্ৰহণ কৰা হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।