09/13/2019 - 17:24
in
ডিজিটেল ডেক্স:-অসমত বন্ধ হ'ল বিছলেৰী ব্ৰেণ্ডৰ পানী। এই নিৰ্দেশনা জাৰি কৰিলে খাদ্য সুৰক্ষা বিভাগে। এপ্ৰিল মাহৰ প্ৰথমটো সপ্তাহতে বিছলেৰী পানীৰ নমুনা সংগ্ৰহ কৰিছিল বিভাগটোৱে, আৰু সেই নমুনাত পোৱা গৈছিল যথেষ্ট পৰিমাণৰ অনুপযোগী ফ্লৰাইড। এক লিটাৰ পানীত এক মিলিগ্ৰাম ফ্লৰাইড থাকিলেহে পানী খোৱাৰ বাবে উপযোগী হয় কিন্তু বিছলেৰী ব্ৰেণ্ডৰ পানীত প্ৰায় ৫ মিলিগ্ৰামতকৈও অধিক পৰিমাণৰ ফ্লৰাইড পোৱা গৈছে।
এই কথা জনালে খাদ্য সুৰক্ষা বিভাগে। ব্ৰেণ্ডটোক এমাহৰ সময় সীমা বান্ধি দিলে খাদ্য সুৰক্ষা বিভাগে।