হানছ খ্ৰীষ্টিয়ান গ্ৰামছৰ জন্মদিন উপলক্ষে গুগল ডুডলৰ শ্ৰদ্ধা নিবেদন

 09/13/2019 - 18:27

ডিজিটেল ডেস্কঃ আজি ডেনমাৰ্কৰ বিশ্ববিখ্যাত মাইক্ৰ’বায়োলোজিষ্ট হানছ খ্ৰীষ্টিয়ান গ্ৰামছৰ ১৬৬ বছৰীয়া জন্মদিন। ১৮৫৩ চনৰ ১৩ ছেপ্টেম্বৰ তাৰিখে ডেনমাৰ্কত জন্মগ্ৰহণ কৰিছিল মহান বিজ্ঞানী খ্ৰীষ্টিয়ান গ্ৰামছে। মাইক্ৰ’বায়োলোজিৰ মূল ভিত্তি 'দ্যা গ্ৰাম-ষ্টেইনিং’ গ্ৰামছৰ।উল্লেখযোগ্য উদ্ভাৱনৰ ভিতৰত অন্যতম। সমগ্ৰ বিশ্বতে ‘দ্যা গ্ৰাম-ষ্টেইনিং’ পদ্ধতি বেক্টেৰিয়া চিনাক্তকৰণৰ বাবে ব্যৱহাৰ হৈ আহিছে।

উল্লেখযোগ্য যে হানছ খ্ৰীষ্টিয়ান গ্ৰামছৰ জন্মদিন উপলক্ষে শুকুৰবাৰে গুগল ডুডলে মহান বিজ্ঞানীজনে বিশ্ববাসীলৈ আগবঢ়াই যোৱা অৱদানৰ বাবে স্মৰণ কৰি শ্ৰদ্ধা নিবেদন কৰিছে। ডেনমাৰ্কৰ শিল্পী মাইকেল ছোমেৰৰ চিত্ৰশিল্পৰে মহান বিজ্ঞানীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে গুগলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।