নিউ গুৱাহাটী এন এফ ৰেলৱেৰ সৌজন্যত বিশ্বকৰ্মা পূজা উদযাপন

 09/19/2019 - 18:37

গুৱাহাটীঃ গুৱাহাটী উত্তৰ পূৱ ৰেলৱেৰ লক’ ৰানিং ষ্টাফৰ উদ্যোগত যোৱা ১৭ আৰু ১৮ চেপ্তেম্বৰ ২০১৯ইং তাৰিখে চিনিয়ৰ চেকচন ইঞ্জিনীয়াৰৰ ভৱনত বিশ্ব খনিকৰ বাবা বিশ্বকৰ্মা পূজা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী উদযাপন কৰা হয়। নিউ গুৱাহাটীত অনুষ্ঠিত এই পূজাৰ বাবে ১৭ তাৰিখে বিয়লি ৫ বজাত প্ৰতিমা স্থাপন কৰা হয়।

১৮ তাৰিখে পূৱা ৮ বজাৰ পৰা পূজা আৰম্ভ কৰি অঞ্জলি দান, প্ৰসাদ বিতৰণ, ভোগ বিতৰণ অন্ত কৰি বিয়লি ৩ বজাৰ পৰা আৰম্ভ হয়। লগতে বিভিন্ন স্কুল, কলেজৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আৰু আমন্ত্ৰিত শিল্পীৰ দ্বাৰা পৰম্পৰাগত জনগোষ্ঠীয় নৃতানুষ্ঠান আয়োজনৰ লগতে ৬-৩০ বজাৰ পৰা আৰম্ভ হয় সাংস্কৃতিক আৰু বঁটা বিতৰণী সভা।

সাংস্কৃতিক অনুষ্ঠানটো উদ্ধোধন কৰে পিঞ্চিপাল চিফ্ ইলেকট্ৰিকেল ইঞ্জিনিয়াৰা, N.F.RLY , আৰু বহুতো আমোলা বিষয়াৰ লগতে দুয়োটা ৰেলৱে আগশাৰী ইউনিয়নৰ নেতাই। এইবাৰ এই ব্যতিক্ৰম ধৰ্মী আকৰ্ষণীয় তথ্য বৰ্ণিল পূজাখনৰ আয়োজনৰ মূখ্য ভূমিকা গ্ৰহণ কৰে জ্যেষ্ঠ লক' অভিযন্তা তথা ৰেলৱে মজদুৰ ইউনিয়নৰ নেতাৰ ৰঞ্জিত চেতিয়াই।

চেতিয়াই বিগত ৭,৮ বছৰ ধৰি উত্তৰ পূব ৰেলৱেৰ ভিতৰতো জাক জমকাৰে পতাৰ বাবে মূখ্য ভূমিকা গ্ৰহণ কৰি আহিছে। সকলোবোৰৰ দ্বায়িত্ব গ্ৰহণ কৰি অতি সুন্দৰ আৰু সফলতাৰে অনুষ্ঠান টো সমাপ্ত কৰে। এইবাৰ তেওঁৰ লগত সহযোগ কৰে অমৰ নাথ ৰয়, বিশ্বজিৎ চন্দ্ৰ লগতে কেইবাজনো ব্যক্তিৰ লগতে স্থানীয় ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।