প্ৰতিবাদক লৈ কামাখ্যা ৰে’ল ষ্টেচনত উত্তপ্ত পৰিস্থিতি

 02/07/2019 - 17:05

গুৱাহাটীঃ মহানগৰীৰ কামাখ্যা ৰে’ল ষ্টেচনৰ সমীপত আজি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সাব্যস্ত কৰা প্ৰতিবাদৰ ফলতে এই পৰিস্থিতিৰ সৃষ্টি হয়।

জানিব পৰা মতে, কামাখ্যাৰ লেভেল গে’টত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰে’ল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে প্ৰতিবাদকাৰীসকলে শতাব্দী এক্সপ্ৰেছ ৰে’লখন আৱদ্ধ কৰি ৰাখে।

ৰেলখন আৱদ্ধ কৰাক লৈ আৰক্ষীৰে খণ্ডযুদ্ধৰ সূত্ৰপাত হয় প্ৰতিবাদকাৰীসকলৰ। পিছত পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাত সকলোৱে স্বস্তিৰ নিশঅবাস পেলায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।