খৈৰাবাৰীত গুজৰাটৰ বিখ্যাত সোমনাথ মন্দিৰৰ আৰ্হিত নিৰ্মাণ ৭০ ফুট উচ্চতাৰ বিশাল পূজা মণ্ডপ

 09/29/2019 - 11:27

বিজনীঃ সমাগত শাৰদীয় উৎসৱ দুৰ্গাপূজা৷ ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ তুংগত উঠিছে শাৰদীয় দুৰ্গাপূজাৰ প্ৰস্তুতি৷ বিশাল কাৰুকাৰ্যৰে পূজামণ্ডপ নিৰ্মাণ কৰি ভক্তক আকৰ্ষণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে পূজা কমিটি সমূহে৷ পিছপৰি থকা নাই বৰপেটাৰোডৰ কাষৰীয়া খৈৰাবাৰীৰস্থিত সাৰ্বজনীন পূজা কমিটিও৷ সোনালী জয়ন্তী বৰ্ষত ভৰি দিয়া খৈৰাবাৰীস্থিত সাৰ্বজনীন পূজা কমিটিয়ে ভক্তক আকৰ্ষণ কৰাৰ বাবে গুজৰাটৰ বিখ্যাত সোমনাথ মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰি আছে ৭০ ফুট উচ্চ বিশাল পূজামণ্ডপ৷

প্ৰায় ডেৰ মাহ ধৰি ২৫ জনতকৈও অধিক কৰ্মীয়ে দিনে নিশাই নিৰ্মাণকাৰ্য অব্যাহত ৰাখিছে বিশাল পূজা মণ্ডপটোৰ৷ স্বচ্ছতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা পূজা কমিটিয়ে জানিবলৈ দিয়া অনুসৰি সোমনাথ মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা বিশাল মণ্ডপৰ লগতে দেৱী পূজনৰ মাংগলিক কাৰ্য সম্পন্ন কৰাৰ বাবে অন্য এটা মণ্ডপৰো নিৰ্মাণকাৰ্য অব্যাহত ৰাখিছে৷

ভক্তৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি পূজাস্থলীৰ চাৰিকাষে CCTV ৰ ব্যৱস্থাও কৰা হ'ব বুলি জানিবলৈ দিয়ে পূজা কমিটিয়ে৷ অইন বছৰৰ দৰে এইবাৰো লক্ষাধিক ভক্তৰ সমাগমেৰে নামনি অসমৰ ভিতৰতে এখন উল্লেখযোগ্য পূজামণ্ডপ হিচাপে স্বীকৃতি পাব বুলি কমিটিৰ কৰ্মকৰ্তাসকল আশাবাদী বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।