প্ৰবীণ কংগ্ৰেছী নেতা এম মুজাম্মেল হুছেইনৰ দলত্যাগ

 09/29/2019 - 11:40

বৰপেটাঃ জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে বিজেপি, এ আই ইউ ডি এফ দলে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে যদিও কংগ্ৰেছ দলে প্ৰাৰ্থী ঘোষণা কৰাৰ পিছতেই কংগ্ৰেছ দলৰ এজন টিকট প্ৰত্যাশী তথা প্ৰবীণ কংগ্ৰেছী নেতা এম মুজাম্মেল হুছেইনে সংবাদমেল যোগে ৰাজহুৱাভাৱে দলত্যাগ কৰা বুলি সংবাদ মাধ্যমৰ আগত ঘোষণা কৰে। ১৯৭২ চনৰ পৰা কংগ্ৰেছৰ লগত জড়িত আছিল এম মুজাম্মেল হুছেইন। জনীয়া উপ-নিৰ্বাচনৰ এজন চৰ্চিত টিকট প্ৰত্যাশী আছিল এম মুজাম্মেল হুছেইন। টিকটৰ পৰা বঞ্চিত হোৱাৰ বাবেই তেওঁ ৰাজহুৱাভাবে কংগ্ৰেছ দল ত্যাগ কৰে যদিও তেখেত সামাজিক তথা উন্নয়নমূলক কাম-কাজৰ লগত জড়িত থাকিব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ মিত্ৰতা কথাও সন্দেহ প্ৰকাশ কৰিছে প্ৰবীণ কংগ্ৰেছী গৰাকীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।