মন্দিয়া মহাবিদ্যালয়‌ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন‌ত বিভাজিত কংগ্ৰেছৰ ছাত্র সংগঠন এন এছ ইউ আই সাধাৰণ সম্পাদক‌ত জয়লাভ

 09/29/2019 - 11:54

মন্দিয়াঃ বাঘবৰ সমষ্টিৰ উচ্চশিক্ষাৰ অনুষ্ঠান মন্দিয়া আঞ্চলিক কলেজৰ ছাত্র একতা সভাৰ নিৰ্বাচন‌ত কংগ্ৰেছ দলৰ ভাতৃ সংগঠন এন এছ ইউ আইৰ দুটা ফৈদে নিৰ্বাচনী যুজঁত অৱতীৰ্ণ হোৱা‌ত ছাত্র সংগঠন‌টোৰ বিভাজিত ৰূপ ৰাইজৰ সন্মুখত উন্মোচিত হয়। উল্লেখ্যযে মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন‌ৰ ঘোষিত ফলাফল অনুসৰি কংগ্ৰেছৰ ছাত্র সংগঠন এন এছ ইউ আইৰ জিলা সভাপতি ৰাজিবুল ইছলাম প্ৰক্ষেপিত প্ৰাৰ্থী মণিৰ উদ্দিনে সাধাৰণ সম্পাদক পদত আৰু লগু খেল বিভাগত ছফিকুল ইছলাম জয়ী হয়।

একেদৰে এন এছ ইউ আইৰ আনটো ফৈদৰ পৰা তৰ্ক, সমাজ সেৱা, সাংস্কৃতিক, গুৰু খেল বিভাগ‌ত জয়ী হয়। এ আই ইউ ডি এফ দলৰ ছাত্রসংগঠন ইউ ডি এছ এফৰ পৰা উপসভাপতি, ছাত্ৰী জিৰণি কোঠা, শৰীৰ চৰ্চা, আলোচনী, সহকাৰী সাধাৰণ সম্পাদক পদত জয়লাভ সাব্যস্ত কৰে। মহাবিদ্যালয়খনৰ ছাত্ৰএকতা সভাৰ নিৰ্বাচনৰ উল্লেখনীয় দিশ হ'ল সভাপতি পদত এজন নিৰ্দলীয় প্ৰাৰ্থী ছাত্ৰ-ছাত্ৰী‌ৰ মাজত অধিক জনপ্ৰিয় মাচুদ হাচান জয়লাভ কৰাটো। তাৰোপৰি ছাত্ৰ জিৰণি কোঠাৰ সম্পাদক পদত কোনেও প্ৰাৰ্থী নিদিয়াত উক্ত পদত নিৰ্বাচন অনুষ্ঠিত নহ’ল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।