দৌলাশালৰ শ্ৰীশ্ৰী মা-কালী মন্দিৰ প্ৰাঙ্গণত দেখা গ’ল মহিলা নাগাৰা নাম

 09/29/2019 - 11:58

পূব বৰপেটাঃ নামনি অসমৰ এক অন্যতম সংস্কাৰ মহিলা নাগৰা নাম ব্যতিক্ৰমী ৰূপত দেখা গল দুটি মহিলা দল। এই নাগাৰা নাম ৰাইজৰ মংঙ্গলাৰ্থে উদযাপন কৰা হয় নলবাৰী জিলাৰ দৌলাশালৰ শ্ৰীশ্ৰী মা-কালী মন্দিৰ প্ৰাঙ্গণত। ৰাইজৰ মঙ্গলাৰ্থে উদযাপন কৰি অহা নাগাৰা নামৰ এইবেলি ঊনবিংশতিতম বৰ্ষ। শনিবাৰে নিশা 9 বজাত ৰাজ্যখনৰ দুটা মহিলা নাগাৰা নাম দলে নাগাৰা নাম পৰিৱেশন কৰি ৰাইজক আপ্লুত কৰে।

দ্বাৰ মুকলি কৰি নাগাৰা নাম উদ্বোধন কৰে দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মণিময় তামুলীয়ে। নাগাৰা নাম পৰিৱেশন কৰে কামৰূপ জিলাৰ ৰঙিয়াৰ জয়ন্তীপুৰ আঞ্চলিক নৱ-মিলন ছোৱালী নাম দলৰ পাঠিকা গীতাঞ্জলী কলিতা আৰু হালোগাঁৱৰ মা-মনসা ছোৱালী নাম দলৰ পাঠিকা বৰষাৰাণী দাসে। নাগাৰা নাম উদযাপন সমিতিয়ে জানিবলৈ দিয়া অনুসৰি পুৱা বন্তি প্ৰজ্বলনৰ পিছত কীৰ্ত্তন পাঠ, ভোৰতাল নাম, সংকীৰ্ত্তন আদি অনুষ্ঠান অনুষ্ঠিত হৈ যায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।