শনিবাৰে চিএচআইআৰ-এনইআইএচটি ৰ প্ৰেক্ষাগৃহত প্ৰথমখন বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত

 09/29/2019 - 12:11

যোৰহাটঃ দ্য নৰ্থ ইষ্ট প্ৰগ্ৰেচিভ পিগ ফাৰ্মাছ এছ'চিয়েচন চমুকৈ নেপফা(NEPPFA)ৰ শনিবাৰে চিএচআইআৰ-এনইআইএচটি ৰ প্ৰেক্ষাগৃহত প্ৰথমখন বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হয়। সভাত সংস্থাটোৰ সাধাৰণ সম্পাদকে উল্লেখ কৰে 'অসম চাহ'ৰ দৰে উত্তৰ পূৰ্বাঞ্চলৰ গাহৰিৰ এক চিনাকি দিয়াৰ মূল লক্ষ্যৰে সংস্থাটোৰ গঠন হৈছিল।

তেওঁ আৰু লগতে কয় দুটি লক্ষ্যৰ ওপৰত সংস্থাটোৱে কাম কৰি আছে- কৃষকৰ উন্নীতকৰণ আৰু গ্ৰাহকলৈ এক স্বাস্থ্যসন্মত আৰু পৰিষ্কাৰ মাংসৰ যোগান ধৰা। অনুষ্ঠানৰ মুখ্য অতিথি অসম চৰকাৰৰ কৃষি, খাদ্য সংসাধন আৰু পশুপালন মন্ত্ৰী শ্ৰীযুত অতুল বৰাই নিজৰ আদৰণি ভাষণত "PINK REVOLUTION" সৃষ্টিৰ ক্ষেত্ৰত নেপফা ৰ উদ্যোগক শলাগ জনাই আৰু সমগ্ৰ দেশতে গাহৰি পালনক এক উৎকৃষ্ট উদাহৰণৰূপে দাঙি ধৰাৰ ক্ষেত্ৰত সকলো প্ৰকাৰে সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।

শনিবাৰৰ সভাত অসম, নাগালেণ্ড, মেঘালয় আৰু অৰুণাচলপ্ৰদেশৰ প্রায় ২০০ কৃষকে এই সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত সংকল্প লয় এক শ্লোগানে ৰে " INDIA's Pink revolution starts here"।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।