সন্তানক নম্বৰত গুৰুত্ব দিয়াৰ সলনি এজন সু-নাগৰিক হিচাবে গঢ়ি তোলাত গুৰুত্ব দিয়ক মাতৃসকলে

 09/29/2019 - 12:14

কোকৰাঝাৰঃ কোকৰাঝাৰ শংকৰদেৱ বিদ্যা নিকেতনত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান মাতৃ সন্মিলন অনুষ্ঠিত হয়৷ মাতৃগোটৰ সভানেত্ৰী ৰেখা দেৱীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত সেৰফাংগুৰি জনতা মহাবিদ্যালয়ৰ অধ্যাপিকা চিৰতি স্বৰ্গীয়াৰীয়ে মুখ্য অতিথিৰ ভাষণত বৰ্তমানৰ গ্লোবেল যুগত সন্তান সকলক সময়ৰ লগত খাপ খুৱাই আগুৱাই নিবলৈ মাতৃ সকলক আহ্বান জনায়৷

ইয়াৰ বাবে প্ৰয়োজন সাপেক্ষে মাতৃ সকলে সন্তানৰ লগত অধ্যয়ন কৰিব লাগিব৷ সন্তানক শিক্ষাৰ লগতে সুনাগৰিক হিচাবে কেনেদৰে গঢ়ি তুলিব পাৰি এইক্ষেত্ৰতো গুৰুত্ব দিবলৈ মাতৃসকলক আহ্বান জনায়৷ নিৰ্দিষ্ট বক্তাৰ ভাষণত কোকৰাঝাৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী হিমানী দেবী, কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ স্বাস্থ্য পৰামৰ্শদাতা প্ৰীতিৰেখা তালুকদাৰে সন্তানৰ ক্ষেত্ৰত মাতৃৰ ভূমিকা সম্পৰ্কে বহলাই সাৰুৱা ভাষণ দিয়ে৷ আচাৰ্য দিব্যজ্যোতি হাজৰিকাই আঁতধৰা সভাখনত ছাত্ৰ-ছাত্ৰী সকলে গীত নৃত্য পৰিবেশন কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।