ধেমাজিত ভোটাৰ্চ পাৰ্টি ইন্টাৰনেচনেলৰ প্ৰতিবাদী কাৰ্যসূচী

 09/29/2019 - 12:47

গোগামুখঃ অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষনা কৰোৱাৰ দাবীত ভোটাৰ্চ পাৰ্টি ইন্টাৰনেচনেলৰ ধেমাজি আৰু লক্ষিমপুৰৰ কৰ্ম-কৰ্তা সকলে ধেমাজি চহৰত বান সমস্যাৰ স্থায়ী সমাধানৰ কাৰণে আৰু এই বিষয়ে চৰকাৰক নিশ্চুপ হোৱাৰ বিপৰীতে বিশাল সমদল উলিয়াই। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ওপৰত বিদেশী ন্যায়ধীকৰণৰ কাম-কাজ মাননীয় উচ্চতম ন্যায়ালৰ দ্বাৰা কৰোৱাৰ লগতে জীয়াধল বৰ্মন গাঁৱৰ পৰা কুমটীয়া মঠাউৰীৰ নিৰ্মাণ কৰা আৰু ধেমাজি জিলাৰ কৃষি খণ্ডৰ ওপৰত ম'ৰা পোকে ধবংস কৰা শালি খেতি ওপৰত চৰকাৰে গুৰুত্ব সহকাৰে পদক্ষেপ গ্ৰহণ কৰাৰ দাবীত বিক্ষোভ প্ৰদৰ্শন কৰা হয়।

প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক পত্রত কৰ্মকৰ্তা সকলে দাবী কৰে যে অসমৰ বান সমস্যাৰ স্থায়ী সমাধান কৰক নহ’লে বানপ্ৰীড়িত অঞ্চলৰ সকলো ভোটাৰক মাহে ৬০০০ হাজাৰ টকাকৈ ভোটাৰ ৰচীপৰ টকা একাউন্টত দিবলৈ দাবী জনোৱাৰ লগতে Madia ৰ লগত জড়িত সকলক মাহে দৰমহাৰ ব্যৱস্থা কৰিবলৈ সংগঠনটিয়ে দাবী জনাই। প্ৰতিবাদী সভাত উপস্থিত থাকে ৰাজ্যিক সদস্য আবু চামা, পবিত্ৰ বড়ো, লক্ষিমপুৰ লোকসভা সমষ্টিৰ ভি পি আই প্ৰাৰ্থী ভূপেন নৰহ, লগতে ধেমাজি জিলা সমিতিৰ সভাপতি দেৱ গগৈ আৰু সম্পাদক সূৰ্য্য পেগু।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।