বালিগাঁও গাঁও পঞ্চায়তত অবাধ দুৰ্নীতি, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ নামত বৃহৎ পৰিমানৰ ধন সংগ্ৰহ জন প্ৰতিনিধিৰ

 09/29/2019 - 13:18

দলগাঁওঃ ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ অধীনত দেশৰ প্ৰত্যেক দৰিদ্ৰ সীমাৰেখা তলৰ লোকক প্ৰদান কৰিছে PMAY ঘৰ। কিন্তু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কামতো একাংশ দুষ্ট চক্ৰই চলাই আহিছে লুণ্ঠনৰাজ। ঘৰ দিয়াৰ নামত দৰিদ্ৰ পৰিয়ালৰ পৰা সংগ্ৰহ কৰি আহিছে ধন। বালিগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত ৩ নম্বৰ চোঁকাবাহী ৱাৰ্ডৰ সদস্যা ৰুকিয়া বেগমৰ স্বামী গাজিউৰ ৰহমানৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে৷

দৰং জিলাৰ বালিগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত চোঁকাবাহী গাৱঁৰ জৰীফ উদ্দীন আহমেদ নামৰ দুখীয়া পৰিয়ালৰ পৰা প্ৰধানমন্ত্ৰী আভাস যোজনাৰ ঘৰ দিয়াৰ নামত গাজিউৰ ৰহমানে ১০ হাজাৰ টকাৰ দাবী কৰে। দুখীয়া পৰিয়ালটোয়ে হাতত পইচা নথকাত ৬ হাজাৰ টকা ধানৰ ওপৰত সুতত লৈ আদায় দিয়ে গাজিউৰক৷ কিন্তু ৰহস্যজনক কথাটো হ’ল যে টকা লোৱা আজি ৩ মাহ উকলি যোৱাৰ পিছতো ভুক্তভোগীয়ে আজিলৈ নাপালে আৱাস যোজনাৰ ঘৰ।

পৰৱৰ্তী সময়ত ঘৰৰ কথা জানিবলৈ যোৱাত গাজিউৰ ৰহমানে কয় যে ১০ হাজাৰ টকা সম্পূৰ্ণ আদায় নিদিয়ালৈকে গৃহ আবন্টন নহয় বুলি জনোৱাৰ শেগতে আৰু চাৰি হাজাৰ টকা দাবী কৰাত ভুক্তভোগী জৰীফ উদ্দিনে দৈপাম আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰে।

ঘটনা সংক্ৰান্তত ভূক্তভোগীৰ সংগ দিয়ে দৰং জিলা ইত্তেহাদ ফ্ৰণ্টৰ সাধাৰণ সম্পাদক ওমৰ আলীয়ে৷ ভুক্তভোগী আৰু ইত্তেহাদ ফ্ৰণ্টৰ জিলা সমিতিৰ নেতাগৰাকীৰ এটাই দাবী যে অতি সোনকালে এই বিষয়টোৰ ওপৰত বিভাগীয় কৰ্তৃপক্ষই উচিত তদন্ত কৰি ভুক্তভোগীৰ পাবলগীয়া ধন অতি সোনকালে ঘূৰাই দিয়াৰ লগতে দোষীক অতি সোনকালে কঠোৰ শাস্তি দিয়াৰ সমান্তৰালভাৱে ঘৰটো ভুক্তভোগীৰ ঘৰ নিৰ্মাণৰ দাবী জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।