মাৰনাস্ত্ৰ এৰি স্বচ্চতা অভিযানত নামিল ধিং আৰক্ষী জোৱান

 09/29/2019 - 13:25

ধিংঃ দেওবাৰে ব্যতিক্ৰমী ৰূপত দেখিবলৈ পোৱা গ’ল ধিঙ আৰক্ষীক৷ সদাব্যস্ত খাকী পোচাকধাৰী আৰক্ষীৰ হাতত আজি দেখিবলৈ পোৱা নগ’ল মাৰনাস্ত্ৰ। তাৰ সলনি তেওঁলোকে হাতত তুলি ললে ঝাৰু৷ সমগ্ৰ দেশত চলি থকা স্বচ্চতা অভিযানৰ অংশ হিচাপে ধিঙ আৰক্ষীয়ে থানা চৌহদ, পৌৰসভা চৌহদ, জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি চাফ-চিকুন কৰা লগতে পৰিবেশ চাফ-চিকুন কৰি এখন প্লাষ্টিকমুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে সকলো আৰক্ষী জোৱানে সমূহীয়া শপত গ্ৰহন কৰে৷ আনহাতে স্বচ্চতা অভিযানৰ সজাগতাৰ উদ্দেশ্যে ধিঙৰ ৰাজপথত এক সমদলো উলিয়াই আৰক্ষীয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।