খাৰুপেটীয়াৰ ধূলাত চিআৰপিএফ ৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ

 09/29/2019 - 13:27

খাৰুপেটীয়াঃ দেশৰ বাবে সদা সতৰ্ক থকা ভাৰতীয় সেনা বাহিনীৰ প্ৰশংসনীয় পদক্ষেপ। মাত্ৰ দেশৰ বাবেই নহয় সৰ্বসাধাৰণ জনতাৰ বাবেই সদা সৰ্তক থকা দৰং জিলাৰ ধূলা থানাৰ অন্তৰ্গত পানিয়াখাটস্থিত ১৩৬ শাখাৰ চিআৰপিএফৰ উদ্যোগত শনিবাৰে ধূলাত অনুষ্ঠিত কৰা হয় বিনামূলীয়া স্বাস্থ্যসেৱা শিবিৰ।

এই উদ্দেশ্যে আয়োজিত বিনামূলীয়া স্বাস্থ্য শিবিৰত সেনা বাহিনীৰ অভিজ্ঞ চিকিৎসকে ধূলা থানাৰ অন্তৰ্গত বিভিন্ন গাঁৱৰ পৰা অহা দুই শতাধিক পুৰুষ মহিলা বৃদ্ধও শিশুৰ স্বাস্থ্যপৰীক্ষা কৰি বিতৰণ কৰে বিভিন্ন ৰোগৰ ঔষধ পাতি। উক্ত অনুষ্ঠানখনত উপস্থিত থাকে নলবাৰীস্থিত ১৩৬ বিএনচিআৰপিএফ ৰ হেড কোৱাটাৰ ৰ commandant officer পি.চি.চৌহান ধূলা আৰক্ষী থানাৰ উপ পৰিদৰ্শক(প্ৰ) ডাণ্ডেজীৎ দেউৰীকে আদি কৰি বিভিন্ন সেনাবাহিনী। চিআৰপিএফ ৰ এনে পদক্ষেপৰ ৰাইজে শলাগ লৈছে।।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।