দৰঙৰ দেওমৰনৈত অঘটন

 09/29/2019 - 13:40

মঙলদৈঃ দেওমৰনৈ স্নাতক মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰন নিৰ্বাচনৰ মাজতেই বিজয়ী প্ৰাৰ্থীৰ গৃহত ভোজ-ভাত খাই ওভতাৰ পথতেই ঘটিল দুৰ্ঘটনা। থিতাতে নিহত দিপাংকৰ ডেকা। আন এজন সংগী দীপজ্যোতি ডেকাক সংকতজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ।

নিশা প্ৰায় ১২ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। নিশাই ওচৰতে থকা সেনাচাউনীৰ সেনা জোৱানে উদ্ধাৰ কৰি ১০৮ বাহনেৰে প্ৰেৰন কৰে গুৱাহাটীলৈ। নিহত ছাত্ৰজন দেওমৰনৈ স্নাতক মহাবিদ্যালয়ৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ। ছাত্ৰ গৰাকী ৰ মৃত্যুত দেওমৰনৈ আঞ্চলিক ছাত্ৰসন্থা আৰু সদৌ দৰং জিলা ছাত্ৰসন্থা ই গভীৰ শোক প্ৰকাশ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।