ৰঙিয়াত পলিথিন বন্ধ কৰাৰ বাবে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ৰাজপথত

 09/29/2019 - 14:09

ৰঙিয়াঃ ৰঙিয়া নগৰত পলিথিন বেগৰ লগতে প্লাষ্টিক জাতীয় সামগ্ৰী আৰু ড্ৰাগছ ব্যৱসায়ীক আটক কৰাৰ দাবীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে নামিছে ৰাজপথত। পলিথিন বেগ প্ৰচলনৰ বাবে জীৱসমাজ কিমান ক্ষতিৰ সন্মুখীন হৈছে সেয়া এক ভাবিব নোৱাৰা বিষয়হৈ পৰিছে। আনকি ভূগৰ্ভটো ইয়াৰ সাংঘাতিক ধৰণে প্ৰভাৱ পৰা দেখা গৈছে।

এনে এক সময়তে ৰঙিয়াৰ এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে প্লাষ্টিক জাতীয় সামগ্ৰীৰ লগতে বিশেষকৈ বজাৰত দ্ৰুতগতিত প্ৰচলন হোৱা পলিথিন বেগ বৰ্জনৰ বাবে ৰাজপথত নমা পৰিলক্ষিত হয়। ৰঙিয়া জলতিৰাম লহকৰ হাইস্কুলৰ শতাধিক ছাত্র-ছাত্ৰীয়ে ৰাজপথলৈ ওলাই আহি প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰিব লাগে বুলি দাবী উৎথাপন কৰে।

ছাত্ৰ-ছাত্ৰীসকলে হাতে হাতে ফেষ্ঠুন-প্লেকাৰ্ড লৈ ৰঙিয়া চহৰত এক সমদলো উলিয়াই ৰঙিয়াত পলিথিন বেগ বন্ধৰ বাবে আহ্বান জনাই। ইয়াৰ লগতে ড্ৰাগছৰ ব্যৱসায় বন্ধ কৰক, ড্ৰাগছ ব্যৱসায়ীক শীঘ্ৰে আটক কৰাৰো দাবী তোলে ছাত্ৰ-ছাত্ৰীসকলে। বিদ্যালয়খনৰ উক্ত কাৰ্য্যসূচীত প্ৰধান শিক্ষক ৰফিকুদ্দিন আহমেদ আৰু শিক্ষক-শিক্ষয়িত্ৰী সকলে ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।